নোবেল বঁটা বিজয়ী চিকিৎসা বিজ্ঞানীকে আনন্দত পুখুৰীত দলিয়াই দিলে বন্ধুৱে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ বন্ধুৰ উদযাপন অন্যতকৈও সদায় ব্যতিক্ৰম। বন্ধুৱেই যদি বদমাচী নকৰে, তেন্তে কৰিব কোনে?

সেয়ে হয়তো কোৱা হয়- ‘জো কমিনা নহী হোতা, ৱ’ দোস্ত নহী হোতা…।’

বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সন্মান নোবেল বঁটা এইবাৰ লাভ কৰা এগৰাকী বিজ্ঞানীৰ সৈতেও তেওঁৰ বন্ধুৱে কৰা বদমাচীয়ে এতিয়া আমোদ দিছে নেট ব্যৱহাৰকাৰীক।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টো প্ৰত্যক্ষ কৰি সকলোৱে কৈছে- বিশ্ববাসীৰ মাজত মেধাৰ পৰিচয় দিয়া বিজ্ঞানীয়েই হওক বা গাঁৱৰ চাৰিআলিত আড্ডা দিয়া জনৰেই হওক- সকলোৰে বন্ধু একেই।

দৰাচলতে ২০২২ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা চিকিৎসা বিজ্ঞানী ডা০ স্বাণ্টে পাবোৱে নোবেল বঁটা লাভ কৰাৰ খবৰ লাভৰ পিছতে তেওঁৰ সহকৰ্মী বন্ধু সকলে তেওঁক পুখুৰীত পেলাই দি মুহূৰ্ত উদযাপন কৰে।

নোবেল জয়ী চিকিৎসা বিজ্ঞানীগৰাকীক পুখুৰীত পেলাই দিয়া এই ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে দ্য নোবেল প্ৰাইজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলযোগে।

ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখা হৈছে এনেদৰে- “আমাৰ নতুন নোবেল বঁটা বিজয়ী স্বাণ্টে পাবোক যেতিয়া তেওঁৰ সহকৰ্মীসকলে এটা পুখুৰীত পেলাই দিছিল…।”

ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে স্বাণ্টে পাবোক পেলোৱা পুখুৰীটোৰ পানী বৰ পৰিষ্কাৰ নহয়। কিন্তু চিকিৎসা বিজ্ঞানীগৰাকীৰ মুখত তেতিয়াও হাঁহি এটা বিৰিঙি আছিল।

উল্লেখ্য যে, ইউৰোপীয় দেশসমূহত এটা পৰম্পৰা আছে যে সাধাৰণতে কোনোবাই যেতিয়া পি এইচ ডি ডিগ্ৰী লাভ কৰে, তেতিয়া তেওঁক পুখুৰীত পেলাই দিয়া হয়। কিন্তু স্বাণ্টে পাবোৰ বন্ধুসকলে নোবেল বঁটা লাভ কৰাৰ সময়তো একেদৰেই উদযাপন কৰে।

প্ৰণিধানযোগ্য যে, ছুইডেনৰ বিজ্ঞানী স্বাণ্টে পাবোক চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছে।