নিউজ ডেস্কঃ এটি সদ্যজাত কন্যা শিশুৰ কান্দোনে যেন বুকু ভেদিলে বোৱতী গংগাৰো!
ফেনে ফোতোকাৰে উফন্দি উঠা গংগাৰ মাজত এটা বেবী বাথ টাবত উটি অহা এটি শিশুৰ জীৱন্তে উদ্ধাৰ কৰে নৈ পৰীয়া ৰাইজে।
৫ দিন ধৰি গংগাৰ পানীত উপঙি থাকিও এটি সদ্যজাত নৱজাতক জীৱন্তে উদ্ধাৰ হোৱাৰ ঘটনাই স্তম্ভিত কৰিছে সকলোকে।
এনে এক ঘটনাই সংঘটিত হৈছে পশ্চিমবংগৰ মালদাৰ মাণিকচক আৰক্ষী থানাৰ নিউ বিলাইমাৰী অঞ্চলত।

বিলাইমাৰী অঞ্চলৰ গংগাৰ সোমাজত পাষ্টিকৰ এটি বেবী বাথ টাবত এটি কণমানি শিশু উটি গৈ থকা দেখি স্থানীয় লোকে নাওৰে গৈ শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
দেৱী দুৰ্গাক গংগাৰ বুকুত বিসৰ্জন দিয়াৰ পিছত শিশুৰ ৰূপত দেৱী দুৰ্গাৰ পুনৰ ধৰালৈ আগমণ ঘটা বুলি বিশ্বাস দৃঢ় হৈ অঞ্চলবাসীৰ।
৫ দিন ধৰি গংগাৰ বুকুত উপঙি থকা শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰৰ পিছতে শিশুটিক মালদা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।
বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ থকা শিশুটি ক্ৰমাৎ সুস্থ হৈ উঠা বুলি জানিব পৰা গৈছে।
সদ্যজাত শিশুটিৰ বয়স ৫-৬ দিন হ’ব বুলি দাবী কৰিছে চিকিৎসকে।

কিন্তু এমাডিমা শিশুটি কিদৰে গংগাৰ পানীত এটা বাথটাবত উপঙি থাকি ৫ দিন ধৰি জীয়াই থাকিবলৈ সক্ষম হ’ল, সেয়া চিকিৎসকৰ বাবেও এক ৰহস্য হৈ পৰিছে।
নয়া বিলাইমাৰী অঞ্চলৰ নিৱাসী তথা প্ৰত্যক্ষদৰ্শী আকমল শ্বেখে কয় যে, শুকুৰবাৰে পুৱা আমাৰ মাজৰে কিছুসংখ্যকে গংগাৰ পাৰত বহি আছিল। হঠাতে দেখিলোঁ ডাঙৰ খেলনা বেলুন এটাৰ দৰে কিবা এটা ওপঙি আছে। তাৰ পৰা এটা কেঁচুৱাৰ কান্দোনৰ শব্দ আহি আছে।
ইয়াৰ পিছতে নাও লৈ কেইবাজনো স্থানীয় লোক গংগাৰ মাজত উপস্থিত হয় আৰু শিশুটি প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰি পাৰলৈ লৈ আনে।
ইফালে ঘটনা সন্দৰ্ভত মাণিকচাক থানাৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত আৰক্ষীয়ে সন্দেহ কৰা মতে, কন্যা সন্তান জন্ম লাভ কৰাৰ বাবেই কোনো নিৰ্দয় পিতৃ-মাতৃয়ে শিশুটিক গংগাৰ পেলাই থৈ গৈছিল।
আনহাতে অবৈধ মাতৃত্বৰ লজ্জা ঢাকিবলৈ কোনো হৃদয়হীনা মাতৃয়ে শিশুটিক পেলাই থৈ যোৱাৰো সন্দেহ কৰিছে আন একাংশই।
তদন্তকাৰী আৰক্ষী বিষয়াৰ মতে শিশুটি হয়তো বিহাৰ বা ৰতুৱা অঞ্চলৰ হৰিশচন্দ্ৰপুৰৰ পৰা গংগাত উটি আহিছে।









