নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ ববিনাত টেংক অভিমুখী এলেকাত গুলীচালনাৰ অনুশীলনৰ সময়ত টি-৯০ টেংকৰ নলী বিস্ফোৰণত ভাৰতীয় সেনাৰ দুজন জোৱান শ্বহীদ হোৱাৰ লগতে আন এজন আহত হয়।
ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে সেনাই।
শুকুৰবাৰে এগৰাকী বিষয়াই জনোৱা মতে, যোৱা ৬ অক্টোবৰ, বৃহস্পতিবাৰে ববিনা ফিল্ড ফায়াৰিং ৰেঞ্জত গুলীচালনাৰ প্ৰশিক্ষণৰ সময়ত এটা টেংকৰ বেৰেল বিস্ফোৰণ ঘটে।
যাৰ ফলত সেই সময়ত টেংকটোৰ পৰিচালনা কৰি থকা ৩ গৰাকী সেনা জোৱান গুৰুতৰভাৱে আহত হয়।

আহত সকলক ততাতৈয়াকৈ ববিনাৰ মিলিটাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
কিন্তু হাস্পতালত মৃত্যুৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে কমাণ্ডাৰ আৰু গানাৰ গৰাকীয়ে। ইফালে টেংকটোৰ চালক গৰাকী বৰ্তমানো চিকিৎসাধীন হৈ আছে।
শ্বহীদ জোৱান দুগৰাকীৰ পৰিচয় ৰাজস্থানৰ সুমেৰ সিং বগৰীয়া আৰু পশ্চিম বংগৰ সুকান্ত মণ্ডল বুলি জানিব পৰা গৈছে।
আনহাতে প্ৰদীপ যাদৱ নামৰ আনগৰাকী জোৱান বৰ্তমান সেনাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে।









