শিক্ষকতাৰ লগতে ঠিকা-ৰাজনীতিৰে জড়িত এগৰাকী শিক্ষকক নিলম্বন।
নিলম্বিত শিক্ষকজন ৮০৭নং আপিন আৰ এ প্ৰাথমিক বিদ্যালয়ৰ।
সহকাৰী শিক্ষক আশীষ দাসক নিলম্বন কৰিছে হাইলাকান্দিৰ জিলা প্রাথমিক শিক্ষা বিষয়াই।
অভিযোগ অনুসৰি তেওঁ শিক্ষকতাৰ লগতে ঠিকা, বিভিন্ন ব্যৱসায়, ৰাজনীতিৰ লগতো জড়িত আছিল।
আয়তকৈও অধিক সম্পত্তি থকাৰো অভিযোগ আশিস দাসৰ বিৰুদ্ধে।
গুণোৎসৱৰ সময়ত শিক্ষামন্ত্রীক সাক্ষাৎ কৰিছিল আশিস দাসে আৰু সাংসদ কৃপানাথ মল্লাৰ প্রতিনিধি তথা বিজেপি নেতা বুলি নিজকে পৰিচয় দিছিল।
তাৰ পিছতে শিক্ষকজনক নিলম্বন কৰে শিক্ষা বিভাগে।
হাইলাকান্দি জিলা প্ৰাথমিক শিক্ষা বিষয়া হীৰালাল বৰাই শিক্ষক আশীষ দাসক নিলম্বন কৰিছে।









