হাড়গিলা বাইদেউ হিচাপে পৰিচিত পূৰ্ণিমা দেৱী বৰ্মনক ২০২২ বৰ্ষৰ ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড’ প্ৰদান

নিউজ ডেস্কঃ অসমৰ বিখ্যাত সংৰক্ষণ নেত্ৰী তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনক আগবঢ়োৱা হৈছে ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড, ২০২২’।

আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা ‘হাউ মেনী এলিফেণ্টছৰ’ দ্বাৰা এই বিশেষ খিতাপ প্ৰদান কৰা হৈছে হাড়গিলা সেনাৰ প্ৰতিষ্ঠাপন পূৰ্ণিমা দেৱী বৰ্মনক।

উল্লেখ্য যে, হাড়গিলা সম্পৰ্কে মানুহৰ ধাৰণা সলনি কৰাত সফলতা লাভ কৰিছিল সংৰক্ষণবিদ আৰু জীৱ বিজ্ঞানী ড০ পূৰ্ণিমা দেৱী বৰ্মনে।

image 68
হাড়গিলা বাইদেউ হিচাপে পৰিচিত পূৰ্ণিমা দেৱী বৰ্মনক ২০২২ বৰ্ষৰ 'দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড’ প্ৰদান 3

পূৰ্ণিমাই সৰু আৰম্ভণিৰে হাড়গিলা সেনাবাহিনী গঢ়ি তুলিছিল। এতিয়া ই ১০ হাজাৰৰো অধিক মহিলাৰ এটা দলে একেলগে কাম কৰি জটিলভাৱে বিপন্ন হাড়গিলাক সুৰক্ষা প্ৰদান কৰিছে।

বাসস্থান হেৰুৱা, চোৰাং চিকাৰ আৰু বিষক্ৰিয়া আদিৰ দৰে প্ৰত্যাহ্বানৰ পৰা হাড়গিলাক সুৰক্ষা প্ৰদান কৰি আহিছে পূৰ্ণিমা দেৱী বৰ্মনে।

লগতে তেওঁ বিশ্বৰ প্ৰথমটো কৃত্ৰিম প্ৰজনন মঞ্চও নিৰ্মাণ কৰিছিল য’ত হাড়গিলাই সংকুচিত বাসস্থানৰ সমস্যাৰ পৰা আঁতৰি নিৰাপদে কনী দিব পাৰে আৰু তাৰ পৰা পোৱালী জগাব পাৰে।

image 69
হাড়গিলা বাইদেউ হিচাপে পৰিচিত পূৰ্ণিমা দেৱী বৰ্মনক ২০২২ বৰ্ষৰ 'দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড’ প্ৰদান 4

এদিন অকলে আৰম্ভ কৰা পূৰ্ণিমা দেৱী বৰ্মনৰ এই প্ৰচেষ্টাত আজি দহ সহস্ৰাধিক মহিলাই স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ পৰিছে।

হাউ মেনি এলিফেণ্টছৰ প্ৰতিষ্ঠাপক হলী বাজে যোৱা বছৰ তেওঁৰ অগ্ৰণী পদক্ষেপ বিশ্ব মহিলা ৰেঞ্জাৰ সপ্তাহ (২৩-৩০ জুন)ৰ সৈতে সংগতি ৰাখি বিশ্ব মহিলা ৰেঞ্জাৰ বঁটা ঘোষণা কৰিছিল।

হলী আৰু তেওঁৰ দলটোৱে বিশ্বজুৰি ৫৫০০ৰো অধিক মহিলা ৰেঞ্জাৰক চিনাক্ত কৰে।

হলীয়ে কয়, “এই বঁটাৰ জৰিয়তে পূৰ্ণিমাক স্বীকৃতি দিবলৈ পাই আমি আনন্দিত হৈছো। বাস্তৱ জগতৰ স্পষ্ট প্ৰভাৱ পেলোৱা এগৰাকী প্ৰেৰণাদায়ক মহিলা তেওঁ। বন্যপ্ৰাণীক সুৰক্ষা দিয়া, মহিলাসকলক সবলীকৰণ কৰাত তেওঁৰ ভূমিকা অনন্য।”