অসম তথা সমগ্ৰ ভাৰততে PFIৰ কেইবাজনো সদস্য গ্ৰেপ্তাৰৰ পিছতে মুছলিম সংগঠনটোক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।
কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া চমুকৈ PFIক।
৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে সংগঠনটোক।
এক জাননী জাৰি কৰি এই কথা অৱগত কৰিছে কেন্দ্ৰীয় চৰকাৰে।
আনহাতে PFIৰ সহযোগী সংগঠন CFI, RIF, AIIC আৰু NCHRO কো নিষিদ্ধ ঘোষণা চৰকাৰৰ।









