জীৱনত কেতিয়াও RSSৰ হাফপেণ্ট পিন্ধি নোপোৱা সকলেই আজি বেচি বিজেপি বিজেপি কৰি আছেঃ সাংসদ গৌৰৱ গগৈ

নিউজ ডেস্কঃ জীৱনত কেতিয়াও আৰএছএছৰ হাফপেণ্ট পিন্ধি নোপোৱা সকলেই আজি অসমত বিজেপি চলাই আছে। আজি অসমৰ ৰাজনৈতিক যুদ্ধখন বিজেপিৰ সৈতে নহয়, বৰং কংগ্ৰেছী আৰু প্ৰাক্তন কংগ্ৰেছীৰ মাজতহে চলি আছে। -সংবাদ মাধ্যমৰ সন্মুখত এইদৰে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিলে সাংসদ গৌৰৱ গগৈয়ে।

আজি বিজেপিত দলটোৰ বেয়া দিনত লগত থকা নেতা সকলৰ কোনো স্থান নাই বুলি মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে যিসকলে আজি বেচি বিজেপি বিজেপি কৰি আছে, তেওঁলোকে কেতিয়াও আৰএছএছৰ হাফপেণ্ট পিন্ধিয়েই নাপালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱালৈকে সকলোবোৰেই প্ৰাক্তন কংগ্ৰেছী। গতিকে অসমত ৰাজনৈতিক যুঁজখন কংগ্ৰেছী আৰু প্ৰাক্তন কংগ্ৰেছীৰ মাজত চলি থকা বুলিহে মন্তব্য কৰে গৌৰৱ গগৈয়ে।

ইফালে এইআইইউডিএফ কংগ্ৰেছৰ টাৰ্গেট নহয়, বৰং বিজেপিহে বুলি মন্তব্য কৰি সাংসদ গৰাকীয়ে কয় যে লাহে লাহে এআইইউডিএফ মানুহৰ মাজৰ পৰা নিজে নিজেই হেৰাই যাব। নিৰ্বাচনৰ পূৰ্বে আজমল ফাউণ্ডেশ্যনলৈ সন্ত্ৰাসবাদী সংগঠনৰ পৰা টকা আহে বুলি দাবী কৰা মুখ্যমন্ত্ৰীয়ে আজি আজমলৰ পৰা চেক লৈ প্ৰমাণ কৰি দেখুৱাইছে যে এআইইউডিএফ বিজেপিৰ বি টীম।

অন্যহাতে মাদ্ৰাছা উচ্ছেদ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে মধ্যপ্ৰদেশৰ ধ্ৰুৱ চাক্সেনা নামৰ বিজেপিৰ আই টি চেলৰ এজন শীৰ্ষ পৰ্যায়ৰ নেতাৰ পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক ধৰা পৰিছিল। ইয়াৰ অৰ্থ বিজেপিৰ কাৰ্যালায়ৰ ভাঙি দিয়া হ’ব নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখি কওক যে জেহাদীৰ কাৰ্যালয় বুলি মাদ্ৰাছা ভাঙি পেলোৱাৰ দৰে আইচিছৰ কাৰ্যালয় বুলি বিজেপিৰ কাৰ্যালয়ো ভাঙি পেলাওক।

নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাস প্ৰসংগত গৌৰৱ দাসে কয় যে বিজেপি চৰকাৰে কথা লুকুৱাবলৈকে এনে কাৰ্য কৰিছে। তেওঁ লগতে কয় যে এতিয়া বিজেপিৰ ফাঁকি সকলোৰে আগত ফাদিল হৈ গৈছে। সত্য কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰি।