জল্পনাৰ অৱসান! অৱশেষত বিজেপিত যোগদান কৰিবলৈ সাজু এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী…

নিউজ ডেস্কঃ জল্পনাৰ অৱসান ঘটনাই অৱশেষত গেৰুৱা হ’বলৈ সাজু হৈছে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং। অহা সোমবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিব তেওঁ। আনহাতে একেদিনাই অমৰিন্দৰ সিঙে পঞ্জাৱ নিৰ্বাচনৰ পূৰ্বে গঠন কৰা পঞ্জাৱ লোক কংগ্ৰেছ দলটোও বিজেপিৰ সৈতে চামিল হ’ব পাৰে বুলি দলৰ মুখপাত্ৰই জানিবলৈ দিয়ে।

উল্লেখ্য যে, পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অমৰিন্দৰে বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল। কিন্তু ইয়াৰ পৰা কাৰো বিশেষ লাভ হোৱা নাছিল। বৰং সকলোৱে চেৰ পেলাই নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰে আম আদমি পাৰ্টীয়ে।

amarider
জল্পনাৰ অৱসান! অৱশেষত বিজেপিত যোগদান কৰিবলৈ সাজু এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী… 2

অন্যহাতে নিজৰ সমষ্টিতে কেপ্টেইন অমৰিন্দৰ সিঙে তৃতীয় স্থান দখল কৰি পৰাজিত হ’বলগীয়া হয়। তেতিয়াৰ পৰাই ৰাজনৈতিক মহলত জল্পনা-কল্পনা আৰম্ভ হৈছিল, এইবাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব অমৰিন্দৰে।

ইফালে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত অমৰিন্দৰ সিঙক বিজেপিয়ে প্ৰাৰ্থীৰূপে থিয় কৰাব বুলি ভৱা হৈছিল যদিও পিছত সেয়া হৈ নুঠিল। তথাপিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিজেপিত আনুষ্ঠানিক যোগদানৰ পিছত তেওঁক পঞ্জাৱত কোনো গুৰুত্ব দায়িত্ব প্ৰদান কৰা হ’ব পাৰে বুলি চৰ্চা চলিছে।