নিউজ ডেস্কঃ গাড়ীৰ কিস্তি দিয়াত পলম হোৱাৰ বাবেই কৃষকৰ গৰ্ভৱতী কন্যাক ট্ৰেক্টৰেৰে মহতিয়াই হত্যা কৰিলে লোন ৰিকোভাৰী এজেণ্টে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ হাজাৰিবাগ জিলাৰ ইচাকত।
জানিব পৰা মতে, ইচাকৰ ছিজুৱা গাঁৱৰ নিৱাসী বিশেষভাৱে সক্ষম কৃষক মিথিলেশ মেহতাই ২০১৮ চনৰ ছেপ্টেম্বৰত মহিন্দ্ৰা ফাইনেন্সৰ পৰা ঋণ লৈ কৃষি কাৰ্যত ব্যৱহাৰৰ বাবে এখন ট্ৰেক্টৰ ক্ৰয় কৰিছিল।
কিন্তু বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা কোভিড কালত আন লোকৰ দৰে মিথিলেশ মেহতাইও ব্যক্তিগত বিত্তীয় কোম্পানীটোৰ গাড়ীৰ ৬টা ইএমআই দিয়াত ব্যৰ্থ হৈছিল। যাৰ বাবে তেওঁলৈ জাননী জাৰি কৰি বিত্তীয় কোম্পানীটোৱে সুদৰ সৈতে ১৩ লাখ টকা জমা কৰিবলৈ নিৰ্দেশ দিছিল।

এই জাননী লাভ কৰাৰ পিছতে মিথিলেশ মেহতাই ১৩ ছেপ্টেম্বৰত ১২ লাখ টকা লৈ কোম্পানীটোৰ কাৰ্যালয়লৈ যায় যদিও কোম্পানীটোৱে একেলগে ১৩ লাখ টকা জমা দিবলৈ পুনৰ কয় কৃষকজনক। যাৰ বাবে মিথিলেশে ঘৰলৈ আহি বাকী ধন সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে।
কিন্তু ১৫ ছেপ্টেম্বৰত কোম্পানীটোৰ লোন ৰিকোভাৰী এজেণ্টে কৃষকজনৰ ট্ৰেক্টৰখন টানি নিবলৈ আহে। ছিজুৱাত পেট্ৰ’ল পাম্পৰ ওচৰৰ পৰা ট্ৰেক্টৰ খন ৰিকোভাৰী এজেণ্টে টানি নিবলৈ অহাৰ খবৰ লাভ কৰি সেই স্থানত উপস্থিত হয় কৃষক মিথিলেশৰ বিবাহিত গৰ্ভৱতী কন্যা মণিকা মেহতা।

মণিকাই ৰিকোভাৰী এজেণ্টক স্থানীয় বিষয়াৰ সৈতে কথা পতাই দিবলৈ বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো ৰিকোভাৰী এজেণ্টজনে ট্ৰেক্টৰখন উঠাই নিয়াৰ সিদ্ধান্তত অটল হৈ পৰে। সেই সময়ত কৃষক কন্যা মণিকাই ট্ৰেক্টৰখনৰ সন্মুখত থিয় হৈ ৰিকোভাৰী এজেণ্টক বাধা দিবলৈ যৎপৰোনাস্তি চেষ্টা চলায়।
কিন্তু পাষাণ ৰিকোভাৰী এজেণ্টজনে পৰিয়ালৰ কোনো কথাই নুশুনি মণিকাৰ গাৰ ওপৰেৰে ট্ৰেক্টৰখন চলাই নিবলৈ চালকক নিৰ্দেশ দিয়ে। যাৰ পিছত চালকে মণিকাক মহতিয়াই নিয়ে ট্ৰেক্টৰেৰে।
এই ঘটনাত গুৰুতৰভাৱে আহত হয় গৰ্ভৱতী মহিলাগৰাকী। লগে লগে তেওঁক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ৰাঁচীলৈ প্ৰেৰণ কৰে চিকিৎসকে। কিন্তু ৰাঁচীৰ হাস্পতাললৈ নিয়াৰ পথতে মৃত্যুক সাৱটি লয় মণিকা মেহতাই।

এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী গৰ্ভৱতী মহিলাক ট্ৰেক্টৰেৰে পিষ্ট কৰি হত্যা কৰা লোন ৰিকোভাৰী এজেণ্টজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত হাজাৰিবাগ চহৰত অৱস্থিত মহিন্দ্ৰা ফাইনেন্সৰ কাৰ্যালয় ঘেৰাও কৰে বৃহৎ সংখ্যক লোকে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে। হাজাৰিবাগৰ আৰক্ষী অধীক্ষক মনোজ ৰতন চোঠেয়ে এয়া এক গুৰুতৰ ঘটনা বুলি মন্তব্য কৰে। অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।









