গুজৰাটৰ ৰাজপথত অটোত চফৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ, অটো চালকৰ ঘৰত গ্ৰহণ কৰিলে নিশাৰ আহাৰ

গুজৰাটৰ ৰাজপথত অটোত চফৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।

সমাগত গুজৰাট নিৰ্বাচনৰ মাজতে অটোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণেৰে নিৰ্বাচনী চমক কেজৰিৱালৰ।

image 92
গুজৰাটৰ ৰাজপথত অটোত চফৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ, অটো চালকৰ ঘৰত গ্ৰহণ কৰিলে নিশাৰ আহাৰ 4

অটোত উঠি চালকজনৰ ঘৰলৈ নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱা কেজৰিৱালক প্ৰথমে গুজৰাট আৰক্ষীয়ে নিৰাপত্তাৰ কথা উল্লেখ কৰি অটোত ভ্ৰমণত বাধা দিয়ে।

image 90
গুজৰাটৰ ৰাজপথত অটোত চফৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ, অটো চালকৰ ঘৰত গ্ৰহণ কৰিলে নিশাৰ আহাৰ 5

সন্ধিয়াা প্ৰায় ৭.৩০ বজাত কেজৰিৱালে আহমেদাবাদস্থিত হোটেলৰ পৰা ওলাই যায়।

কিন্তু আৰক্ষীয়ে কেজৰিৱালক আধা বাটতে বাধা দিয়ে। যাৰ ফলত আৰক্ষীৰ লগত কেজৰিৱালৰ তীব্ৰ তৰ্ক হয়। অৱশ্যে পিছত তেওঁক অটো চালকৰ ঘৰলৈ যাত্ৰা কৰিবলৈ অনুমতি দিয়া হয়।

উল্লেখ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আপৰ প্ৰচাৰৰ অংশ হিচাপে দুদিনীয়া গুজৰাট ভ্ৰমণলৈ যোৱা কেজৰিৱালে আবেলি আহমেদাবাদত অটো-ৰিক্সা চালকসকলৰ এক সমাৱেশক সম্বোধন কৰে।

ইয়াৰ পিছতে এজন অটো-ৰিক্সা চালকে কেজৰিৱালক তেওঁৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ অনুৰোধ জনাই।

image 91
গুজৰাটৰ ৰাজপথত অটোত চফৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ, অটো চালকৰ ঘৰত গ্ৰহণ কৰিলে নিশাৰ আহাৰ 6

অটো চালকজনৰ নিমন্ত্ৰণ পোৱাৰ লগে লগে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তৎক্ষণাৎ আমন্ত্ৰণ গ্ৰহণ কৰে আৰু একেলগে নৈশ আহাৰ গ্ৰহণ কৰে।