এগৰাকী মহিলাই দিলে মহানুভৱতাৰ পৰিচয়।
কোলাৰ কেঁচুৱাক মাটিত থৈ নিজৰ প্ৰাণকো তুচ্ছজ্ঞান কৰি দুই যুৱকক উদ্ধাৰৰ বাবে নদীত জাপ দিলে এগৰাকী মহিলাই।
এই ঘটনা মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ এখন গাঁৱৰ।
জানিব পৰা মতে, অঞ্চলটোত প্ৰচণ্ড জোৰে বৰষুণ হৈ আছিল। যাৰ ফলত সকলো নলা-নদৰ লগতে জান-জুৰি নদীও পানীৰে উপচি পৰিছিল।
বৰষুণ শাম কটাৰ পাছত মহিলাগৰাকীয়ে কোলাত ১০ মাহৰ কেঁচুৱাটোৰ সৈতে পানী আনিবলৈ বুলি গৈছিল ঘৰৰ কাষৰ দমকলটোলৈ।
পাছে কাষেৰে বৈ যোৱা জানটোত দুজন যুৱক উটি গৈ থকা দেখিবলৈ পাই মহিলাগৰীকয়ে।
যুৱক দুজনে উদ্ধাৰৰ বাবে চিঞৰী থকা শুনি লগে লগে মাটিত কেঁচুৱাটো থৈ সেই খৰস্ৰোতা পানীত জাপ দি এজনক কোনোমতে উদ্ধাৰ কৰে যদিও আনগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম নহয়।
কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ উভতি আহি আছিল দুয়ো যুৱক। পাছে জানটো পাৰ হবলৈ ধৰাৰ সময়তে দুয়ো পিছলি জানৰ খৰস্ৰোতা পানীত পৰি যায়। পিছত আনগৰাকী যুৱকৰ নিথৰ মৃতদেহ উদ্ধাৰ হৈছে।
আনহাতে মহিলাগৰাকীৰ এনে সাহসীকতাক সকলোৱে শলাগ লোৱাৰ লগতে চৰকাৰে নগদ ধনেৰে পুৰষ্কৃত কৰিছে।









