নিউজ ডেস্কঃ এক লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিলচৰৰ শিলচৰৰ শ্ৰীকোণাস্থিত অসম ৰাইফলছৰ শিৱিৰত। শনিবাৰে পাৰিবাৰিক কন্দ্বলৰ পৰিণতিত শিৱিৰৰ এজন আছাম ৰাইফলছৰ জোৱানে নিজৰ পত্নী আৰু কন্যাৰ ডিঙি কাটি হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।
জানিব পৰা মতে, কেম্পৰ বাহিৰত আছাম ৰাইফলছৰ নায়ক ৰবীন্দ্ৰ কুমাৰে পত্নী মণিকা ডোগ্ৰা আৰু কন্যা ৰিদ্ধিক নৃশংসভাৱে কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইফালে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে হত্যাকাৰী ৰবীন্দ্ৰ কুমাৰৰ মোবাইল নম্বৰ ট্ৰেছ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে এই হত্যাকাণ্ডৰ কথা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে আছাম ৰাইফলছৰ নায়ক ৰবীন্দ্ৰ কুমাৰে। তেওঁ জানিবলৈ দিয়া মতে, ধনী ঘৰৰ কন্যা মণিকাই তেওঁৰ সৈতে প্ৰায়ে টকা-পইচা আৰু বজাৰ সমাৰক লৈ কাজিয়াত লিপ্ত হৈছিল। শুকুৰবাৰে নিশাৰে পৰাই তেওঁলোকৰ কাজিয়াই চূড়ান্ত ৰূপ লয়। যাৰ পৰিণতিত শনিবাৰে দিনৰ ভাগত দা-ৰে পত্নী মণিকাক আক্ৰমণ কৰে ৰবীন্দ্ৰ কুমাৰে।

কিন্তু দুৰ্ভাগ্যবশতঃ সেই দাৰ ঘাপ কন্যাৰ গাত লগাত ঘটনাস্থলীতে মৃত্যু ঘটে ১১ বছৰীয়া কন্যা ৰিদ্ধিৰ। পিছত দা-ৰে ঘপিয়াই পত্নীকো হত্যা কৰে ৰবীন্দ্ৰ কুমাৰে।
অন্যহাতে আৰক্ষীয়ে পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ৰবীন্দ্ৰৰ স্বাস্থ্যৰ পৰীক্ষা কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখযোগ্য যে ৰবীন্দ্ৰ কুমাৰৰ ঘৰ জম্মু-কাশ্মীৰত।









