নতুন কৌশল! ডিব্ৰুগড়, গুৱাহাটীৰ পাছত এইবাৰ সেনাৰ ভুৱা পৰিচয়েৰে বৰপেটাৰােডৰ ব্যৱসায়ীৰ ধন লুট চাইবাৰ অপৰাধীৰ…

নিউজ ডেস্কঃ সেনাৰ বেশত লৈ ডিব্ৰুগড়ৰ এহাল চিকিৎসক দম্পতীৰ পৰা চাইবাৰ অপৰাধীয়ে ডেৰ লক্ষাধিক টকা লুটি নিয়াৰ ঘটনাক লৈ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ অনুৰূপ ঘটনা সংঘটিত হ’ল বৰপেটা ৰোডৰ এগৰাকী ব্যৱসায়ীৰ সৈতে।

নিজকে ভাৰতীয় সেনা বুলি পৰিচয় দি এইবাৰ বৰপেটাৰোডৰ বিজয় সূত্ৰধৰ নামৰ ব্যৱসায়ীজনৰ বেংক একাউণ্টৰ সমস্ত জমাপুঞ্জী। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

জানিব পৰা মতে, বৰপেটাৰোডৰ ব্যৱসায়ীজনলৈ দুদিন পূৰ্বে সৰভোগ সেনাৰ কেম্পৰ নাম লৈ ফোন কৰিছিল চাইবাৰ অপৰাধী চক্ৰই। তেওঁলৈ বাৰাম্বাৰ ফোন কৰি তেওঁৰ দোকানত ভাল ফিল্টাৰ আছে নেকি সেয়া জানিব বিচাৰিছিল নিজকে সেনা বুলি পৰিচয় দিয়া চাইবাৰ অপৰাধীয়ে। লগতে হোৱাটছএপত ফিল্টাৰৰ ফটোও বিচাৰিছিল।

নিজকে সেনা বুলি পৰিচয় দিয়া চাইবাৰ অপৰাধীয়ে আনকি ভিডিঅ’ কল যোগেও কথা পাতিছিল ব্যৱসায়ী বিজয় সূত্ৰধৰৰ সৈতে। ইফালে চাইবাৰ অপৰাধীৰ কথাত পতিয়ন গৈ দোকানীজনে ফিল্টাৰৰ ফটো পঠাই দিয়ে শনিবাৰে। এজন কুনাল চৌধুৰী আৰু আন এজন নিজকে কুলদ্বীপ সিং বুলি পৰিচয় দিয়া লোককেইজনে ফিল্টাৰকেইটা পছন্দ হোৱা বুলি কলে আৰু ফিল্টাৰকেইটা আৰ্মী কেম্পলৈ পঠাই দিবলৈ ক’লে।

photo1662283285
নতুন কৌশল! ডিব্ৰুগড়, গুৱাহাটীৰ পাছত এইবাৰ সেনাৰ ভুৱা পৰিচয়েৰে বৰপেটাৰােডৰ ব্যৱসায়ীৰ ধন লুট চাইবাৰ অপৰাধীৰ… 2

সেই অনুসৰি ব্যৱসায়ী বিজয় সূত্ৰধৰে ৬৯,৯৯৮ টকাৰ বিলসহ কেম্পলৈ পঠাই দিলে যদিও তেওঁলোকে ফোন কৰি জনালে আপোনাক আগতে গুগুল পে’ যোগে পেমেন্ট কৰাৰ পিছত আমাৰ কেম্পত ফিল্টাৰকেইটা দি যাব, লগতে তেওঁক গুগুল পে’ একাউন্টটো নিশ্চিত কৰাৰ বাবে এক টকা পঠাই দিবলৈ ক’লে।

সেই অনুসৰি ব্যৱসায়ী বিজয় সূত্ৰধৰে এটকা পঠাই দিয়ে। তেতিয়া তেওঁলোকে ভিডিঅ’ ফোনযোগে সুধিলে এতিয়া আপুনি পাব লগা সম্পূর্ণ টকা পালে নে নাই, ব্যৱসায়ীজনে নোপোৱা বুলি কোৱাত তেওঁক গুগুল পে’ একাউণ্টত গৈ টকাৰ পৰিমাণ মাৰি চেণ্ট কৰিলে সম্পূর্ণ টকা পাই যাব বুলি কলে। সেই মতে কৰাৰ পিছতেই ব্যৱসায়ী বিজয় সূত্ৰধৰৰ বেংকৰ সম্পূৰ্ণ টকা লুটি লৈ যায় হেকাৰে।

উল্লেখ্য যে, এই চাইবাৰ অপৰাধী চক্ৰটোৱে বিশ্বাস জন্মাবলৈ আধাৰ কাৰ্ড আৰু পৰিচয় পত্ৰৰ ফটোও ব্যৱসায়ী জনলৈ প্ৰেৰণ কৰিছিল। কিন্তু একাউণ্টৰ পৰা টকা কৰ্তন হোৱাৰ পিছতহে বিজয় সূত্ৰধৰে চাইবাৰ অপৰাধীৰ জালত পৰা বুলি ধৰিব পাৰে।

কিছুদিন পূৰ্বে বন্ধ হোৱা সৰভোগ সেনা কেম্পৰ নাম লৈ এনদৰে ব্যৱসায়ীজনৰ বেংক একাউণ্টৰ সমস্ত ধন লুটি নিয়া কাৰ্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে এই সমস্ত ঘটনা সন্দৰ্ভত বৰপেটাৰোড আৰক্ষী থানাত গোচৰ তৰিছে ব্যৱসায়ী বিজয় সূত্ৰধৰে।