সিংহক কাৰাগাৰত ভৰাই থলেই শিয়াল হৈ নাযায়ঃ চৰকাৰৰ ওপৰত কিয় খং শৃংখল চলিহাৰ…

নিউজ ডেস্কঃ আকৌ খং উঠিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। সংগঠনৰ ৪ জনকৈ সদস্যক আৰক্ষীয়ে আটক কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল শৃংখল চলিহা।

বিজেপি চৰকাৰে বহিৰাগতৰ ওচৰত নতমস্তক হৈ বীৰ লাচিত সেনাৰ ৪ সদস্যক আটক কৰা বুলি দাবী কৰি শৃংখল চলিহাই কয়, ‘বিজেপিয়ে যদি ভাৱিছে যে কাৰাগাৰত ভৰাই থলেই সিংহ শিয়াল হৈ যাব, তেন্তে সেয়া তেওঁলোকৰ ভুল। বীৰ লাচিত সেৱাৰ প্ৰত্যেকজন সৈনিক একো একোটা সিংহ।’

শৃংখল চলিহাই লগতে কয়, ‘জে’ল আমাৰ দ্বিতীয় ঘৰ।’

মন্ত্ৰী পীযুষ হাজৰিকাই ফাঁচী বজাৰৰ বহিৰাগত ব্যৱসায়ীক টুইট কৰি ক্ষমা খোজা প্ৰংসগ উত্থাপন কৰি বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কয় যে বীৰ লাচিত সেনাই কেতিয়াও বহিৰাগতৰ ওচৰত ক্ষমা নোখোজে। এইখিনি শক্তি ভগৱানে দিছে।

উল্লেখ্য যে, আগৰৱালা উপাধিৰ এগৰাকী বহিৰাগত ব্যৱসায়ীয়ে এজন খিলঞ্জীয়া অসমীয়াক নিজৰ প্ৰাপ্য প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত হস্তক্ষেপ কৰিছিল বীৰ লাচিত সেনাই। যাৰ পিছত অসমীয়া যুৱকজনক নিজৰ প্ৰাপ্য প্ৰদান কৰিবলৈ বাধ্য হৈছিল বহিৰাগত প্ৰতিষ্ঠানটোৱে।

ইফালে ব্যৱসায়িক ভাবুকি প্ৰদান কৰাৰ অপৰাধতে অসম আৰক্ষীয়ে আটক কৰিছিল বীৰ লাচিত সেনাৰ চাৰিজন সদস্যক।