আজৱ কাণ্ড! আদালতলৈ নিয়াৰ পথত আৰক্ষীৰ ভানত কেক কাটি জন্মদিন উদযাপন হত্যাৰ অভিযুক্তৰ, সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

নিউজ ডেস্কঃ আদালতলৈ নিয়াৰ পথত আৰক্ষীৰ বাহনৰ ভিতৰত কেক কাটি জন্মদিন উদযাপন এজন কুখ্যাত অপৰাধীৰ। মহাৰাষ্ট্ৰত সংঘটিত এই আজৱ ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। সামাজিক মাধ্যমতো এই ঘটনাক লৈ এতিয়া চলিছে চৰ্চা।

উল্লেখ্য যে, আৰক্ষী থানাৰ পৰা আদালতলৈ এজন অপৰাধীক প্ৰিজন ভেনেৰে নি থকা সময়তে এই কাণ্ডটো সংঘটিত হয়। অভিযুক্তজনে কেনেকৈ এই কাম কৰিবলৈ সুযোগ পালে, তাক লৈও উত্থাপিত হৈছে বিভিন্ন প্ৰশ্নৰ। স্বাভাৱিকতেই, মহাৰাষ্ট্ৰ আৰক্ষীৰ ভূমিকাক লৈও সন্দেহৰ আঙুলি টোঁৱাইছে বিভিন্নজনে।

photo1661168527
আজৱ কাণ্ড! আদালতলৈ নিয়াৰ পথত আৰক্ষীৰ ভানত কেক কাটি জন্মদিন উদযাপন হত্যাৰ অভিযুক্তৰ, সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ 3

জানিব পৰা মতে, প্ৰিজন ভেনৰ ভিতৰত কেক কাটি জন্মদিন পালন কৰা অভিযুক্তজন হৈছে মহাৰাষ্ট্ৰৰ উলহাচনগৰৰ বাসিন্দা ৰোশন ঝা। হত্যা, হত্যাৰ চেষ্টা, ধন দাবীকে ধৰি কেইবাটাও গোচৰত অভিযুক্ত এইজন ৰোশন ঝা। মহাৰাষ্ট্ৰৰ কেইবাখনো আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে। সেই অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছিল ৰোশনক।

যেতিয়া তেওঁক আদালতত হাজিৰ কৰোৱাবলৈ কাৰাগাৰৰ ভানত আৰক্ষী থানাৰ পৰা লৈ যোৱা হৈছিল, সেই সময়তে ৰাস্তাত ভিৰ কৰিছিল কুখ্যাত দুৰ্বৃত্তৰ দলে।

photo1661168663
আজৱ কাণ্ড! আদালতলৈ নিয়াৰ পথত আৰক্ষীৰ ভানত কেক কাটি জন্মদিন উদযাপন হত্যাৰ অভিযুক্তৰ, সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ 4

আদালতত হাজিৰ হোৱাৰ দিনাই অভিযুক্তজনৰ জন্মদিন আছিল। গতিকে তেওঁলোকে কাৰাগাৰৰ ভানৰ বাহিৰত এটা কেক লৈ থিয় হৈছিল। তাৰ পিছতে অভিযুক্তজনে খিৰিকীৰে হাত উলিয়াই জন্মদিনৰ কেকটো কাটি জন্মদিন উদযাপন কৰে আৰু কাৰাগাৰৰ ভেন খনত আদালতলৈ ৰাওনা হয়।

ৰোশনে কেক কটাৰ মুহূৰ্তটো দুৰ্বৃত্তৰ দলটোৱে বন্দী কৰি ৰাখিছিল। ইয়াৰ পিছতে, হোৱাটছ এপৰ ষ্টেটাছত আপলোড কৰে সেই দৃশ্য। অভিযুক্তজনৰ জন্মদিনৰ কেক কটাৰ এই ঘটনাটো স্বাভাৱিকতেই ভাইৰেল হ’বলৈ নালাগিল বেছি সময়।

ভাইৰেল হোৱাৰ পিছতে এই ঘটনাটোক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষীয়ে কেক লৈ কাৰাগাৰৰ ভানৰ সমীপলৈ আগবাঢ়ি অহা সকলৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল, অভিযুক্তৰ সহযোগীসকলক কিয় আঁতৰ কৰা হোৱা নাছিল ইত্যাদি বিষয়ক লৈও অৱতাৰণা হৈছে প্ৰশ্নৰ। অৱশ্যে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়াও আৰক্ষীয়ে কোনো ধৰণৰ স্পষ্ট উত্তৰ প্ৰদান কৰা নাই।