গোপনে চলি আছিল পত্নীৰ পৰকীয়া প্ৰেম! গম পোৱাৰ পিছতে বিয়া পাতি দিলে স্বামীয়ে…

নিউজ ডেস্কঃ অইন যুৱকৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্কৰ কথা জানিব পাৰি প্ৰেমিকৰ সৈতে বিয়া পাতি দিলে স্বামীয়ে। চিনেমাৰ কাহিনীৰ দৰে এনে এক ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ বাংকুৰাত।

জাানিব পৰা মতে, বুঢ়ৱানৰ আউছগ্ৰাম থানাৰ অন্তৰ্হত চণ্ডীপুৰ গাঁৱৰ প্ৰদীপ বাগদি নামৰ যুৱকজনে ২০১৭ চনৰ ডিচেম্বৰত বিয়া কৰায় বাংকুৰাৰ বৰাজোৰাৰ শালগোৰা গাঁৱৰ এগৰাকী যুৱতীক। পিছত এটি কন্যা সন্তানৰ পিতৃ-মাতৃও হয় তেওঁলোক।

কিন্তু শেহতীয়াকৈ পত্নীৰ অইন এজন যুৱকৰ সৈতে গোপন প্ৰেমৰ কথা জানিব পাৰে স্বামী প্ৰদীপে। প্ৰথমে পত্নীক এই সম্পৰ্কে তেওঁ সাৱধান কৰি দিছিল যদিও পত্নীয়ে কথা নুশুনি প্ৰেমিকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাত অৱশেষত দুয়োৰে বিয়া পাতি দিয়াৰ সিদ্ধান্ত লয় প্ৰদীপে।

biya
গোপনে চলি আছিল পত্নীৰ পৰকীয়া প্ৰেম! গম পোৱাৰ পিছতে বিয়া পাতি দিলে স্বামীয়ে… 2

প্ৰদীপে কয়, ‘অইন যুৱকৰ সৈতে পত্নীৰ সম্পৰ্কৰ সন্দেহ হোৱাত এদিন কামলৈ যোৱাৰ চলেৰে মই ঘৰৰ পৰা ওলাই আহো। কিন্তু কিছু সময় পিছত যেতিয়া ঘৰলৈ উভতি যাও তেতিয়া দেখো যে যুৱকজন পত্নীৰ সৈতেই আছে। প্ৰথমে মই তেওঁলোকক সকিয়াই দিও যদিও কোনো লাভ নোহোৱাত অৱশেষত দুয়োকে বিয়াৰ প্ৰস্তাৱ দিও।’

ইয়াৰ পিছতে ৰাইজৰ উপস্থিতিত স্থানীয় মনসা মন্দিৰলৈ লৈ প্ৰেমিক যুৱকজনৰ সৈতে পত্নীক বিয়া কৰোৱাই দিয়ে স্বামী প্ৰদীপে।

এই আজৱ বিবাহখনৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। য’ত স্বামী প্ৰদীপে পত্নীৰ সেওতাৰ সেন্দুৰ প্ৰথমে মচি পেলোৱা দেখা গৈছে। তাৰ পাছতে প্ৰেমিকে নতুনকৈ সেন্দুৰ দিয়ে পত্নীক।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’ই ইতিমধ্যে লাভ কৰিছে চৰ্চা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিহাৰতো এজন যুৱকে পত্নীক তেওঁৰ প্ৰেমিকৰ সৈতে বিয়া কৰোৱাই দিছিল।

1 thought on “গোপনে চলি আছিল পত্নীৰ পৰকীয়া প্ৰেম! গম পোৱাৰ পিছতে বিয়া পাতি দিলে স্বামীয়ে…”

Comments are closed.