অসমীয়াঅসম

আৰক্ষীৰ দীৰ্ঘ সময় জেৰা, অৱশেষত জামিনত মুক্তি লাভ কাছাৰ কলেজৰ অধ্যক্ষ ড০ সিদ্ধাৰ্থ শংকৰ নাথৰ…

নিউজ ডেস্কঃ দেওবাৰে অনুষ্ঠিত অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত পৰীক্ষা কেন্দ্ৰত গাফিলতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা শিলচৰৰ কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথে অৱশেষত লাভ কৰে জামিন। দেওবাৰে কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অধ্যক্ষগৰাকীক মাজনিশা জামিন প্ৰদান কৰে জিলা আদালতে।

অন্যহাতে জিলা আদালতে সিদ্ধাৰ্থ শংকৰ নাথক জামিন প্ৰদান কৰি ২৫ আগষ্টৰ পূৰ্বে মালুগ্ৰাম টাউন আউটপোষ্টৰ ইনচাৰ্জৰ সন্মুখত হাজিৰ হ’বলৈও নিৰ্দেশ প্ৰদান কৰে।

photo1661164301

উল্লেখ্য যে, দেওবাৰে ২৪ খন জিলাত অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা। এই নিযুক্তি পৰীক্ষাৰ সময়ত কাছাৰ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছিল মহাবিদ্যালয় খনৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথৰ বিৰুদ্ধে। তদুপৰি চৰকাৰে বিষয়াক অপদস্থ কৰাৰো অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে।

photo1661164205

পৰীক্ষা কেন্দ্ৰত প্ৰট’কল ভংগৰ অভিযোগত কাছাৰ জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝাই দাখিল কৰা এখন এজাহাৰৰ পিছতে কাছাৰ আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক।

গ্ৰেপ্তাৰৰ পিছতে অধ্যক্ষগৰাকীক শিলচৰ সদৰ থানাত জেৰা চলোৱা হয়। আৰু তাৰ পিছতে মাজনিশাই তেওঁ জিলা আদালতৰ পৰা জামিন লাভ কৰে।