নাৰী সৰবৰাহকাৰীৰ লক্ষ্য দৰিদ্ৰ পৰিয়ালৰ যুৱতী-কিশোৰী! বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়তে উদ্ধাৰ ৪ কিশোৰী আৰু এগৰাকী মহিলা

নিউজ ডেস্কঃ গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ সুযোগ লৈ বহিঃৰাজ্যত সংস্থাপন দিয়াৰ প্ৰলোভনেৰে একাংশই চলাই আহিছে নাৰী সৰবৰাহকাৰী চক্ৰ। তেনে এক চক্ৰই আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হ’ল বোকাখাতত।

কৰ্মসূত্ৰে স্বামীৰ সৈতে ৰাজস্থানত থকা বোকাখাতৰ যুগলআটী গাঁৱৰ এগৰাকী মহিলাই একে গাঁৱৰে ৪ গৰাকী দৰিদ্ৰ ঘৰৰ কিশোৰী আৰু এগৰাকী মহিলাক বহিঃৰাজ্যত সংস্থাপন দি সৰবৰাহৰ চেষ্টা কৰা সময়তে অংগবাড়ী কৰ্মী আৰু শিশু সুৰক্ষা কৰ্মীৰ তৎপৰতাত উদ্ধাৰ হয় কিশোৰী কেইগৰাকী আৰু মহিলাগৰাকী।

photo1661067084
নাৰী সৰবৰাহকাৰীৰ লক্ষ্য দৰিদ্ৰ পৰিয়ালৰ যুৱতী-কিশোৰী! বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়তে উদ্ধাৰ ৪ কিশোৰী আৰু এগৰাকী মহিলা 2

অভিযোগ, ৰংগীলা কৰ্মকাৰ নামৰ মহিলাগৰাকীয়ে পূৰ্বেও গাঁওখনৰ বহু যুৱতী-কিশোৰীক বহিঃৰাজ্যত চাকৰি দিয়াৰ প্ৰলোভন দি সৰবৰাহ কৰি আহিছিল। ৰংগীলা নামৰ মহিলাগৰাকীৰ এই নাৰী সৰবৰাহকাৰী চক্ৰৰ সৈতে আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে যদিও এতিয়াও পলাতক হৈ হৈছে অভিযুক্ত ৰংগীলা কৰ্মকাৰ। দুখীয়া ঘৰৰ কিশোৰী-যুৱতী আৰু বিবাহিতা মহিলাক সংস্থাপনৰ দি বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টাৰ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।