৮ খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ ৩ দুৰ্ধৰ্ষ বাইক চোৰ…

নিউজ ডেস্কঃ বাইক চুৰিৰে একপ্ৰকাৰ সন্ত্ৰাস বিয়পাই অহা ৩ দুৰ্ধৰ্ষ বাইক চোৰক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লংকা আৰক্ষীয়ে।

লংকা আৰক্ষীয়ে অভিযান চলাই লংকাৰ বিভিন্ন স্থানৰ পৰা ৮ খনকৈ চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ চোৰ কেইটাক।

ধৃত চোৰ কেইটাক আতিকুৰ ৰহমান, ৰছিদ আহমেদ, ফকৰুল ইছলাম বুলি জানিব পৰা গৈছে।

photo1661067103
৮ খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ ৩ দুৰ্ধৰ্ষ বাইক চোৰ… 2

ইফালে আৰক্ষীয়ে চোৰ কেইটাৰ পৰা উদ্ধাৰ কৰা বাইক কেইখনৰ নম্বৰ- এএছ-২২-৮০৩৭, এএছ-২১ডি ৮১৫০, এ-২১ ৭৬৩৫, এএছ-০৯ এফ-১৩০১, এএছ-২১ই ৬৩৯৬, এএছ-২১ ডি-৩৯৭২, এএছ২১এ ৯৫৪৬, এএছ ২১ই ৪৭২১ বুলি জানিব পৰা গৈছে।

বৰ্তমান চোৰ কেইটাক লংকা আৰক্ষীৰ জিম্মাত লৈ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আনহাতে লংকা আৰক্ষী থানাত তিনিও চোৰৰ বিৰুদ্ধে ৩৫৩/২২ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।