ৰহস্যজনক! ৩০৫টা এলপিজি চিলিণ্ডাৰভৰ্তি ট্ৰাকসহ ক’লৈ গ’ল চালক সুশীল সাহানী…

নিউজ ডেস্কঃ ১৫ আগষ্টৰ পৰাই ৩০৫টা এলপিজি চিলিণ্ডাৰভৰ্তি ট্ৰাকসহ এজন ব্যক্তি সন্ধানহীন থকাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, সোমবাৰে উত্তৰ গুৱাহাটীৰ পৰা যোৰহাটৰ লাৱণ্য গেছ এজেন্সীলৈ ট্ৰাকত ৩০৫টা এলপিজি চিলিণ্ডাৰ লৈ ৰাওনা হৈছিল সুশীল সাহানী নামৰ ট্ৰাক চালকজন।

কিন্তু তাৰ পিছতে ট্ৰাকসহ সন্ধানহীন হৈ পৰে চালকজন।

gas lpg
ৰহস্যজনক! ৩০৫টা এলপিজি চিলিণ্ডাৰভৰ্তি ট্ৰাকসহ ক’লৈ গ’ল চালক সুশীল সাহানী… 2

ট্ৰাকখনৰ মালিক হেমন্ত কলিতাই চালক সাহানীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা চলায় যদিও মোবাইল চুইটছ অফ আছে চালকজনৰ।

যাৰ বাবে উপায়ন্তৰ হৈ ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে হেমন্ত কলিতাই।

৩০৫টা গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকসহ সন্ধানহীন হোৱা সুশীল সাহানীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।