আপুনি আন মহিলাৰ সৈতে পত্নীক তুলনা বা পত্নীক ইতিকিং কৰে নেকি? উচ্চ ন্যায়ালয়ৰ এই মন্তব্যই বিপদত পেলাব পাৰে আপোনাক

নিউজ ডেস্কঃ স্বামীয়ে বাৰে বাৰে পত্নীক ইতিকিং কৰা বা আন মহিলাৰ সৈতে তুলনা কৰাটোও একপ্ৰকাৰ মানসিক নিৰ্যাতন। -এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেৰালা উচ্চ ন্যায়ালয়ে। বুধবাৰে এখন পাৰিবাৰিক আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে কেৰালা উচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ অনিল কে নৰেন্দ্ৰন আৰু ন্যায়াধীশ চি এছ সুধাৰ বিচাৰপীঠে আদালতৰ শুনানিকালত কয় যে স্বামীয়ে বাৰে বাৰে পত্নীক ঠাট্টা কৰা আৰু আন মহিলাৰ সৈতে পত্নীক তুলনা কৰাটো নিশ্চিতভাৱে মানসিক নিষ্ঠুৰতা। আদালতে কয়, ‘এগৰাকী পত্নীৰ পৰা এনে ধৰণৰ আশা কৰিব পাৰিনে?’

উল্লেখ্য যে, এগৰাকী মহিলাই তেওঁৰ স্বামীয়ে চেহেৰাৰ বাবে বাৰে বাৰে ইতিকিং কৰাৰ লগতে অইন মহিলাৰ সৈতে তেওঁক তুলনা কৰি মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি আদালতত আবেদন দাখিল কৰিছিল।

এই আবেদনৰ শুনানি গ্ৰহণ কৰি কেৰালা উচ্চ ন্যায়ালয়ে কয় যে এয়া যদিও বিবাহ বিচ্ছেদৰ বাবে পৰ্যাপ্ত নহয়, তথাপিও আইনে এই কথাটো লক্ষ্য কৰা উচিত।