CAA বলৱৎ হ’লে লাখ-লাখ মানুহ আহিব বুলি কৈছিল, কিন্তু ক’ত আহিলঃ পীয়ূষ হাজৰিকা…

ৰাজ্যত পুনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ উকমুকনি।

নেছ’ৰ উদ্যোগত বুধবাৰে গুৱাহাটীত ‘কা’ বাতিলৰ দাবীৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ।

‘কা’ বিৰোধী প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

মন্ত্ৰীগৰাকীয়ে কয়- CAA সমৰ্থন কৰিয়ে নিৰ্বাচন জিকিছো। CAA বলৱৎ হ’লে লাখ লাখ মানুহ আহিব বুলি কৈছিল, কিন্তু ক’ত আহিল? মিছা কথাৰ মায়াজালৰ পৰা অসমৰ মানুহ মুক্ত হ’ল।

তেওঁ কয়- আমি ‘কা’ সমৰ্থন কৰোঁ। কোনোবাই বিৰোধীতা কৰে, সেইটো তেওঁলোকৰ নৈতিক অধিকাৰ আছে। সকলোৰে মতাদৰ্শ বেলেগ বেলেগ। আমি মিছা কথা কৈ ৰাজনীতি কৰা নাই, অসমৰ ৰাইজে জানে। ‘কা’ৰ বিৰোধীতা কৰা একাংশই আমাৰ ঘৰ-দূৱাৰ ভাঙি দিছিল। তথাপিও আমি নিৰ্বাচনত জয়ী হৈছে।

আমাৰ মতাদৰ্শৰ বিৰোধী লোকসকলক মই অসন্মান কৰা নাই। ৰাইজে বুজিলে যে, আমাৰ মতাদৰ্শই ৰাইজক ঠগোৱা নাই। আমি আমাৰ মতাদৰ্শৰ মতে চলি আছে।