অবিশ্বাস্য! বেগৰ ভিতৰত দুষ্প্ৰাপ্য জীৱ-জন্তু, সৰীসৃপ লৈ যাত্ৰা, বিমান বন্দৰত আটক যাত্ৰী

নিউজ ডেস্কঃ কাপোৰ বা আন লাগতীয়াল সামগ্ৰী নহয়, বৰং বেগৰ ভিতৰত বন্য জীৱ-জন্তু কঢ়িয়াই বিমান বন্দৰত আটক হ’ল এজন যাত্ৰী। বিমান বন্দৰৰ তালাচীৰ সময়তে যাত্ৰীজনৰ বেগৰ ভিতৰত উদ্ধাৰ হয় কেইবাটাও দুষ্প্ৰাপ্য বন্য জীৱ আৰু সৰীসৃপ।

বৃহস্পতিবাৰে এনে এক আশ্বৰ্যকৰ ঘটনা ধৰা পৰে চেন্নাই বিমান বন্দৰত। বেংককৰ পৰা চেন্নাইত উপস্থিত হোৱা বিমান যাত্ৰীজনৰ বেগৰ তালাচীৰ সময়তে শুল্ক বিষয়াই জীৱিত অৱস্থাত উদ্ধাৰ কৰে এটা বান্দৰ, দুটা কাছ আৰু ১৫ ডাল সাপ।

image 106
অবিশ্বাস্য! বেগৰ ভিতৰত দুষ্প্ৰাপ্য জীৱ-জন্তু, সৰীসৃপ লৈ যাত্ৰা, বিমান বন্দৰত আটক যাত্ৰী 3

বিমান বন্দৰৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, এই যাত্ৰীজনে টিজি-৩৩৭ বিমানেৰে বেংককৰ পৰা চেন্নাইত উপস্থিত হোৱাৰ পিছতে সন্দেহ বশতঃ শুল্ক বিষয়াই তেওঁৰ বেগত তালাচী চলায়।

image 105
অবিশ্বাস্য! বেগৰ ভিতৰত দুষ্প্ৰাপ্য জীৱ-জন্তু, সৰীসৃপ লৈ যাত্ৰা, বিমান বন্দৰত আটক যাত্ৰী 4

এতিয়াও নাম প্ৰকাশ নোহোৱা বিমান যাত্ৰীজনে এই বন্য জীৱ-জন্তুসমূহ অবৈধ ভাৱে সৰবৰাহ কৰা বুলি নিশ্চিত কৰা হৈছে।

ইতিমধ্যে উদ্ধাৰ হোৱা বন্য জীৱ-জন্তু সমূহ পশু সংৰক্ষণ আৰু প্ৰমাণপত্ৰ সেৱাৰ সৈতে আলোচনা কৰি থাই এয়াৰৱেজৰ জৰিয়তে মূল দেশলৈ ঘূৰাই পঠিওৱা হৈছে।

আনফালে অভিযুক্ত যাত্ৰীজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এটা গোচৰ কৰি শুকুৰবাৰে স্থানীয় আদালতত হাজিৰ কৰোৱাত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।