মঙলদৈৰ সামাজিক সংকীৰ্ণতা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
ঘটনা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মঙলদৈৰ ঘটনাই অসমৰ অন্তিমটো ঘটনা হওক বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
তেওঁ কয়- ‘মোক কাটিলেও মোৰ পৰা তেজ ৰঙায়ে ওলাব, কাৰোবাৰ কি বগা ওলাব নেকি? মঙলদৈৰ গাঁওখনৰ ঘটনাই অসমৰ সকলোকে বিচলিত কৰিছে।
তেওঁ কয়- উচ্চ আৰু নীচ জাতিৰ পৰম্পৰাই আমাৰ জাতিটোক আগুৱাই লৈ যাব নোৱাৰে। মঙলদৈৰ গণক চুবাৰ ঘটনাই যাতে অন্তিমটো ঘটনা হয়। অসমত যাতে কেতিয়াও এই ধৰণৰ ঘটনা নহয়, তাৰ বাবে আমি সজাগ হ’ব লাগিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- আজি অসমৰ চাৰিওফালে প্ৰগতিৰ বিপ্লৱ আৰম্ভ হৈছে। কিন্তু প্ৰগতিৰ বিপ্লৱৰ মাজতো মানুহে মানৱীয় গুণসমূহ হেৰাই দিব নালাগে।
কাৰণ মানৱীয় গুণসমূহে মানুহক উজলাই ৰাখে। মানৱীয় প্ৰমূল্যসমূহেহে মানুগক জাকতজিলিকা কৰি ৰাখে।
উল্লেখ্য যে, ব্ৰাহ্মণ সম্প্ৰদায়ৰ অতুল শৰ্মা নামৰ লোক এজনে নিম্ন জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবে লোক জনৰ মৃত্যুৰ পিছতো সৎকাৰৰ বাবে নাহিল ওচৰত চুবুৰীয়া ৰাইজ।
মঙলদৈৰ নিকটৱৰ্তী পটালসিং পাৰা গাঁৱত সংঘটিত হৈছে এই জাত পাতৰ এই ঘৃণনীয় ঘটনা।
গাঁওখনৰ ৬৫ বছৰীয়া অতুল শৰ্মাৰ মঙ্গলবাৰে মাজৰাতি আকস্মিক ভাৱে নিজ ঘৰতেই মৃত্যু হৈছিল।
মৃত্যুৰ পিছতে মৃতক শৰ্মাৰ পত্নীয়ে গাঁওৰ ওচৰ চুবুৰীয়াক খবৰ কৰে আৰু মৃতকক সৎকাৰৰ বাবে ওচৰ চুবুৰীয়াৰ সহায় বিচাৰে যদিও ওচৰ চুবুৰীয়া কোনোৱেই মৃতকৰ ঘৰলৈ নাহিল। যাৰ ফলত মৃত অতুল শৰ্মাৰ মৃত দেহটি নৈৰ কাষত পুটি থ’ব লগা হৈছিল।

অৱশ্যে পাছলৈ প্ৰশাসনৰ লোক উপস্থিত হৈ গাত খান্দি মৃতদেহটো উলিয়াই আনি ধৰ্মীয় ৰীতি নীতিৰে সৎকাৰ কৰে।
এই ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগোৱাৰ পিছতে মৃত অতুল শৰ্মাৰ গৃহত অনুষ্ঠিত হ’ল ৰাজহুৱা সভা। মঙলদৈৰ বিধায়ক বসন্ত দাসৰ মধ্যস্থতাত অনুষ্ঠিত হয় ৰাজহুৱা সভা খন।
বহু বাক-বিতন্দাৰ অন্তত অৱশেষত গণক সম্প্ৰদায়ৰ লোক সকলে ক্ষমা খোজাৰ লগেতে অতুল শৰ্মাৰ শ্ৰাদ্ধকে ধৰি সকলো কাম কাজত সহযোগিতা আগবঢ়াবলৈ সন্মতি প্ৰদান কৰে।
লগতে চাওকঃ










