অমৃত মহোৎসৱ মানে কি? তাত অমৃত খুৱাব নেকি? মোৰ ইমান আইডিয়া নাইঃ জুবিন গাৰ্গ…

কাইলৈ সমগ্ৰ দেশে উলহ মালহেৰে উদযাপন কৰিব স্বাধীনতা দিৱস।

এইবাৰ তিনিদিনীয়াকৈ দেশত উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা।

দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে।

আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত বিশেষ মন্তব্য কৰিছে জুবিন গাৰ্গে।

জুবিনে কয়- অমৃত মহোৎসৱ মানে কি? তাত অমৃত খুৱাব নেকি? মোৰ ইমান আইডিয়া নাই। মই এইবোৰ খবৰ নাৰাখো। ব্ৰেইনৰ চেলটো অলাগতিয়াল জেগাত খৰচ নকৰো।

‘যদি ভাল বস্তু হয়, হ’লে ভাল, একো নাই। যদি তাৰ পৰা আমাৰ ক্ষতি হয়, তেন্তে নহলে ভাল’- জুবিন গাৰ্গ।