সুখবৰ! গিনিজ বুকত অভিলেখ সৃষ্টি কৰি দেশৰ এইখন ৰাজ্যত গঠন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ মানৱীত প্ৰতিচ্ছবিৰ ৰাষ্ট্ৰীয় পতাকা

নিউজ ডেস্কঃ স্বাধীনতাৰ ৭৫ বৰ্ষপুতি উপলক্ষ্যে ভাৰত চৰকাৰে আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আৰু চৰকাৰৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ অংশ স্বৰূপে চণ্ডীগড়ত গঠন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ মানৱীয় ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতিচ্ছবি।

চণ্ডীগড়ৰ এনআইডি ফাউণ্ডেশ্যন আৰু চণ্ডীগড় বিশ্ববিদ্যায়ে শনিবাৰে যৌথভাৱে গঠন কৰা এই মানৱীয় ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতিচ্ছবিয়ে মানুহৰ প্ৰতিচ্ছবিৰ দ্বাৰা গঠন কৰা বিশ্বৰ সৰ্ববৃহৎ পতাকা স্বৰূপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

photo1660463636
সুখবৰ! গিনিজ বুকত অভিলেখ সৃষ্টি কৰি দেশৰ এইখন ৰাজ্যত গঠন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ মানৱীত প্ৰতিচ্ছবিৰ ৰাষ্ট্ৰীয় পতাকা 3

চণ্ডীগড় বিশ্ববিদ্যালয় আৰু অন্যান্য বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰায় ৫,৮৮৫ গৰাকী শিক্ষাৰ্থীয়ে এনআইডি ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱকসকলৰ সৈতে লগ লাগি এই অভিলেখ সৃষ্টি কৰে। চণ্ডীগড় ক্ৰিকেট ষ্টেডিয়ামত গঠন কৰা এই সৰ্ববৃৃহৎ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতিচ্ছবি কাৰ্যসূচীত উপস্থিত আছিল প্ৰায় ২৫ হাজাৰ লোক।

পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড়ৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক বনৱাৰীলাল পুৰোহিত, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখি, চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকৰ উপদেষ্টা ধৰম পাল, এনআইডিৰ মুখ্য পৃষ্ঠপোষক আৰু চণ্ডীগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এছ সতনাম সিং সান্ধু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।

photo1660463640
সুখবৰ! গিনিজ বুকত অভিলেখ সৃষ্টি কৰি দেশৰ এইখন ৰাজ্যত গঠন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ মানৱীত প্ৰতিচ্ছবিৰ ৰাষ্ট্ৰীয় পতাকা 4

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ইউএইয়ে ২০১৭ চনত ৪১৩০ জন লোকৰ সৈতে ৰাষ্ট্ৰীয় পতাকাৰ সৰ্ববৃহৎ মানৱ প্ৰতিচ্ছবিৰ অভিলেখ অৰ্জন কৰিছিল। কিন্তু এইবাৰ ইউএইৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ভাৰতে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ৰ ফালৰ পৰা পঞ্জাৱৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক বনৱাৰীলাল পুৰোহিত আৰু এনআইডি ফাউণ্ডেশ্যনৰ মুখ্য পৃষ্ঠপোষক এছ সতনাম সিং সান্ধুৰ হাতত প্ৰমাণপত্ৰৰ এখন প্ৰতিলিপি প্ৰদান কৰি অভিনন্দনো জ্ঞাপন কৰা হৈছে।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি বনৱাৰীলাল পুৰোহিতে কয় যে চণ্ডীগড় বিশ্ববিদ্যালয় আৰু এনআইডি ফাউণ্ডেশ্যনৰ দ্বাৰা গঠিত বিশ্ব অভিলেখৰ সফল সৃষ্টিৰ সৈতে চণ্ডীগড়ে ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৫ তম বাৰ্ষিকীত সমগ্ৰ বিশ্বক এক মহান বাৰ্তা প্ৰদান কৰিছে।

অনুষ্ঠানটোত ৬ টা বেচৰকাৰী সংস্থাক তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা সমাজ সেৱাৰ বাবে কৰ্ম যোদ্ধা বঁটাৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰিও, বিশিষ্ট ভাৰতীয় মল্লযোদ্ধা যোগেশ্বৰ দত্তৰ লগতে মনোৰঞ্জন উদ্যোগত দেশক গৌৰৱান্বিত কৰাৰ বাবে ভাৰতীয় অভিনেত্ৰী ঈশা ৰিখীক তেওঁৰ অসামান্য সাফল্যৰ বাবে যুৱ আদৰ্শ বঁটা প্ৰদান কৰা হয়।