ভক্তপ্ৰাণ চোৰ! মন্দিৰৰ দানপাত্ৰ চুৰিৰ পূৰ্বে দেৱীৰ সন্মুখত হাতযোৰ কৰি ল’লে সেৱা, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ প্ৰথমে হাতযোৰ কৰি প্ৰণিপাত। তাৰ পিছত সম্পন্ন কৰিলে নিজৰ কৰ্ম। যেন এই কৰ্ম সম্পাদন কৰাৰ পূৰ্বে ইশ্বৰৰ চৰণত মূৰ দোৱাই নিজৰ কাৰ্যত সফল হোৱাৰ বাবে প্ৰাৰ্থনাহে জনাইছে।

পিছে এয়া কোনো সাধাৰণ ব্যক্তিয়ে নিজৰ কামত হাত দিয়াৰ পূৰ্বে ইশ্বৰক জনোৱা প্ৰাৰ্থনা নহয়। বৰং এয়া এজন চোৰে চুৰি কাৰ্য সংঘটিত কৰাৰ পূৰ্বৰে দৃশ্য। যি দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এটা মন্দিৰত চুৰি কাৰ্য সংঘটিত কৰাৰ পূৰ্বে দেৱীৰ সন্মুখত হাতযোৰ কৰি প্ৰণিপাত জনায় চোৰে। সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈ পৰা এই ভিডিঅ’ৰ স্থান মধ্যপ্ৰদেশৰ জবলপুৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, এটা মাতাৰ মন্দিৰত চুৰি কাণ্ড সংঘটিত কৰিবলৈ আহে মুখ ঢকা এজন চোৰে। কিন্তু চুৰি কাৰ্য সংঘটিত কৰাৰ পূৰ্বে চোৰজনে দেৱীৰ প্ৰতিমাৰ সন্মুখত থিয় হৈ হাতযোৰ কৰি সেৱা লয়। তাৰ পিছতে এটা এটাকৈ মন্দিৰৰ দানপাত্ৰ, দুটা ডাঙৰ ঘণ্টা আৰু আন আন সামগ্ৰী চুৰি কৰি লৈ যায় চোৰজনে।

ইপালে চোৰৰ এই আশ্বৰ্যকৰ চুৰি কাণ্ড বন্দী হয় মন্দিৰৰ চিচিটিভি কেমেৰাত। যি দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।