বিহাৰত পতন ঘটিল এনডিএ চৰকাৰৰ! মুখ্যমন্ত্ৰী পদ এৰিলে নীতিশ কুমাৰে…

নিউজ ডেস্কঃ অইন ৰাজ্যত চল-বল-কৌশলেৰে অন্য দলৰ চৰকাৰ ভংগ কৰি ক্ষমতালৈ আহে বিজিপিয়ে। কিন্তু বিহাৰৰ ৰাজনীতিত এইবাৰ দেখা গ’ল তাৰ ওলোটা এখন ছবি। বিহাৰত জেডিইউৰ সৈতে মিত্ৰতা ভংগৰ পিছতে ক্ষমতাও হেৰুৱাই পেলালে বৰ্তমান ভাৰতৰ আটাইতকৈ শক্তিশালী দলটোৱে।

ৰাজ্যখনত বিজেপিৰ সৈতে মিত্ৰতাৰ চৰকাৰ ভংগ কৰি আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে নীতিশ কুমাৰে। মঙলবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপাল ফাগু চৌহানক পদত্যাগ পত্ৰ দাখিল কৰে। যাৰ পিছতে বিহাৰত আনুষ্ঠানিকভাৱে অন্ত পৰে এনডিএ চৰকাৰৰ।

পদত্যাগ কৰাৰ পিছতে বিহাৰৰ বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ দলৰ সকলো সাংসদ-বিধায়কে একেলগে এনডিএ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। নীতিশ কুমাৰৰ পদত্যাগৰ অৰ্থ হৈছে তেওঁৰ সমগ্ৰ মন্ত্ৰীসভাৰ পতন। তেওঁৰ কেবিনেটত আছিল ১৬ জন বিজেপিৰ মন্ত্ৰী। চৰকাৰ পতনৰ লগে লগে পদ হেৰুৱালে তেওঁলোকেও। কিন্তু এই সন্দৰ্ভত বিজেপিয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰদান কৰা নাই।

বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ পাছত শীঘ্ৰেই আৰজেডি আৰু কংগ্ৰেছৰ সমৰ্থনত ৰাজ্যখনত চৰকাৰ গঠন কৰিব জেডিইউৱে। বাতৰি অনুসৰি মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ পিছতে নীতিশ কুমাৰ পোনে পোনে উপস্থিত হয় আৰজেডিৰ নেতা তেজস্বী যাদৱৰ বাসগৃহত। তাতেই পৰৱৰ্তী চৰকাৰ গঠনৰ চূড়ান্ত আলোচনাৰ বাবে এক বৈঠক অনুষ্ঠিত হ’ব বুলিও জানিব পৰা গৈছে।

ইতিমধ্যে আৰজেডি, জেডিইউ আৰু কংগ্ৰেছৰ মাজত চৰকাৰ গঠনৰ প্ৰাৰম্ভিক আলোচনা সম্পূৰ্ণ হৈছে। খবৰ অনুসৰি, নতুন চৰকাৰ গঠনৰ সূত্ৰও প্ৰস্তুত কৰা হৈছে। নতুন সূত্ৰ অনুসৰি নীতিশৰ দলৰ জেডি(ইউ)য়ে মুখ্যমন্ত্ৰীত্ব লাভ কৰিব। অৰ্থাৎ পুনৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ। বাতৰি অনুসৰি, শীঘ্ৰেই পুনৰ তেওঁ শপত গ্ৰহণ কৰিব।

আনহাতে, নতুন চৰকাৰৰ সূত্ৰ অনুসৰি উপমুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হ’ব আৰজেডিৰ পৰা। সেই ক্ষেত্ৰত তেজস্বী যাদৱে এই দুয়োটা পদ লাভ কৰিব পাৰে। অন্যহাতে বিধানসভাৰ অধ্যক্ষ হ’ব কংগ্ৰেছৰ বিধায়ক। তদুপৰি দ্বিতীয় উপ মুখ্যমন্ত্ৰীৰ পদো কংগ্ৰেছে লাভ কৰিব পাৰে বুলি জল্পনা চলিছে। কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে কোনো দলেই স্পষ্টভাৱে উল্লেখ কৰা নাই।