ছেকেণ্ডহেণ্ড ডিলাৰৰ পৰা উদ্ধাৰ ১৪ খনকৈ চুৰি বাইক, ৫ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীবড়িত আৰক্ষীয়ে উৎখাত কৰিছে এটা চুৰি বাইক চক্ৰ।

এই চক্ৰটোৰ পৰা বৃহৎ পৰিমাণৰ চুৰি বাইক জব্দ কৰাৰ লগতে ৫জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

photo1659764922
ছেকেণ্ডহেণ্ড ডিলাৰৰ পৰা উদ্ধাৰ ১৪ খনকৈ চুৰি বাইক, ৫ জনক গ্ৰেপ্তাৰ 4

উল্লেখ্য যে কছাৰীবড়ি বজাৰত থকা ছেকেণ্ড হেণ্ড ডিলাৰৰ মালিক ছাদ্দাম হুছেইনৰ গেৰেজৰ পৰা লাহৰীঘাট আৰু মৰিগাওঁ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই ১৪খনকৈ চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয়।

photo1659764922 1
ছেকেণ্ডহেণ্ড ডিলাৰৰ পৰা উদ্ধাৰ ১৪ খনকৈ চুৰি বাইক, ৫ জনক গ্ৰেপ্তাৰ 5

আনহাতে এই কাৰ্যৰ লগত জড়িত ছাদ্দাম হুছেইনক আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰাৰ লগতে ছাদ্দাম হুছেইন স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ বৃহস্পতিবাৰে অঞ্চলটোৰ হজৰত আলী, ছৈয়েব ইছলাম, হায়াত উল্লাহ আৰু বাহাৰুল ইছলাম নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

photo1659764922 2
ছেকেণ্ডহেণ্ড ডিলাৰৰ পৰা উদ্ধাৰ ১৪ খনকৈ চুৰি বাইক, ৫ জনক গ্ৰেপ্তাৰ 6

বাইক চুৰি চক্ৰৰ সৈতে জড়িত এই ৫ যুৱকৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে ৩০৪/২২ নম্বৰত এটি গোচৰ ৰুজু কৰি আটাইকেইজনকে শুকুৰবাৰে জে’ল হাজোতলৈ প্ৰেৰণ কৰে।