শোকাবহ! স্কুলৰ পৰা ঘৰলৈ ওভতাৰ সময়তে পথৰ কাষৰ উন্মুক্ত নলাত পৰি মৃত্যু ছাত্ৰীৰ…

নিউজ ডেস্কঃ এজাক বৰষুণৰ পিছতে বুৰ গৈছিল বাট-পথ। যাৰ বাবে স্কুলৰ পৰা ঘৰলৈ গৈ থকা সময়তে উন্মুক্ত নলাত সোমাই প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী ছাত্ৰীয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে গুজৰাটৰ মেহছানাৰ ভিশনগৰত। জানিব পৰা মতে, শুকুৰবাৰে বিয়লি বিদ্যালয়ৰ পৰা ঘৰলৈ চাইকেল চলাই আহি থকাৰ সময়তে প্লাৱিত হৈ থকা পথৰ উন্মুক্ত নলাত সোমাই পৰে দুগৰাকী স্কুলীয়া ছাত্ৰী।

ঘটনাৰ পিছতে ছাত্ৰীদুগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি লগে লগে হাস্পতাললৈ লৈ যায় যদিও এগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে। নিহত ১৪ বছৰীয়া ছাত্ৰীগৰাকীৰ পৰিচয় জিয়া বিজয়ভাই নাই বুলি জানিব পৰা গৈছে।

drain visnagar
শোকাবহ! স্কুলৰ পৰা ঘৰলৈ ওভতাৰ সময়তে পথৰ কাষৰ উন্মুক্ত নলাত পৰি মৃত্যু ছাত্ৰীৰ… 2

উল্লেখ্য যে, বিগত ২৪ ঘণ্টাৰো অধিক সময় ধৰি গুজৰাটৰ বিভিন্ন প্ৰান্তত দি থকা ধাৰাসাৰ বৰষুণৰ ফলত পানীৰে উফন্দি পৰিছে পথৰ দাঁতিৰ নলাসমূহ। যাৰ ফলত পথৰ কাষৰ উন্মুক্ত নলাসমূহ সাধৰণ জনতাৰ বাবে অতি বিপজ্জনক হৈ পৰিছে।

শুকুৰবাৰে স্কুলীয়া ছাত্ৰীগৰাকীয়েও এগৰাকী বান্ধৱীৰ সৈতে চাইকেল চলাই ঘৰলৈ ওভতাৰ পথতে এনেদৰে উন্মুক্ত হৈ থকা নলাত পৰি মৃত্যুবৰণ কৰে।