অঘটন! খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ১৩ জনকৈ লোক…

মাজুলীৰ মহৰি চুকত অঘটন।

খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ১৩ গৰাকী।

এক অনুষ্ঠানত বুট-মাহ খাই অসুস্থ হৈ পৰে বহুকেইগৰাকী লোক।

মাজুলীৰ প্ৰাক্তন বিধায়ক যোগেশ্বৰ দলৈৰ মৃত্যু বাৰ্ষিকীত সংঘটিত হয় এই অঘটন।

প্ৰসাদ খোৱাৰ পাছতে পেটৰ বিষত ভোগী চটফটাবলৈ আৰম্ভ কৰে ১৩ গৰাকীকৈ লোকে।

জিলাখনৰ নামনি মাজুলীৰ মহৰিচুক গাঁৱত সংঘটিত হয় এই বিষক্ৰিয়াৰ ঘটনা।

ইতিমধ্যেই আক্ৰান্তসকলক গড়মূৰ পীতাম্বৰ দেব গোস্বামী জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।