নিউজ ডেস্কঃ ৰাজ্যৰ বিশিষ্ট লিপিবিদ তথা লেখক যতীন গোস্বামীৰ বুধবাৰে পুৱা দেহাৱসান ঘটে। অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি যতীন গোস্বামীৰ বিয়োহে মৰ্মাহত কৰিছে ৰাজ্যৰ বিদ্বৎ মহলক।
বিশিষ্ট লেখকগৰাকী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত বুধবাৰে পুৱা গুৱাহাটীৰ নৱগ্ৰহস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে, স্বাধীনতা সংগ্ৰামী গোস্বামীয়ে তেওঁৰ জীৱিত কালত কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তদুপৰি অসমীয়া ভাষাৰ লিপিক লৈ তেওঁ প্ৰণালীবদ্ধ অধ্যয়ন কৰি আহিছিল তেওঁ।









