ভাড়াঘৰৰ পৰা হঠাৎ ক’ত গ’ল মানস আৰু জোনালী! সন্ধান বিচাৰি হাহাকাৰ পৰিয়ালৰ

নিউজ ডেস্কঃ বিগত ৬ দিন ধৰি সন্ধানহীন হৈ থকা এহাল দম্পতীৰ সন্ধান বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালে। গোলাঘাটৰ জোনাকী নগৰস্থিত ভাড়াঘৰৰ পৰা সন্ধানহীন হোৱা দম্পতীহালক বিচাৰি অভিযান চলাইছে আৰক্ষীয়েও। কিন্তু অদ্যপী লাভ কৰা নাই কোনো খবৰ!

উল্লেখ্য যে, যোৱা ২৮ জুলাইত জোনাকী নগৰস্থিত ভাড়াঘৰৰ পৰা নিৰুদ্দেশ হৈছিল মানস বৰা আৰু জোনালী শইকীয়া নামৰ দম্পতীহাল।

গোলাঘাট নগৰৰ এটা কুৰিয়াৰ ছাৰ্ভিছত কৰ্মৰত হৈ থকা পতি-পত্নী হঠাৎ সন্ধানহীন হোৱাত হাহাকাৰ লাগিছে দুয়োজনৰে পৰিয়ালত।

photo1659516890
ভাড়াঘৰৰ পৰা হঠাৎ ক’ত গ’ল মানস আৰু জোনালী! সন্ধান বিচাৰি হাহাকাৰ পৰিয়ালৰ 2

জানিব পৰা মতে, গোলাঘাটৰ পুলিবৰৰ নিৱাসী মানস বৰা আৰু জোনালী বৰা দুয়োজনে কৰ্মৰ খাতিৰত বাস কৰিছিল জোনাকী নগৰস্থিত ভাড়াঘৰত। কিন্তু তাৰ পৰাই আকস্মিকভাৱে নিৰুদ্দেশ হৈ আছে মানস আৰু জোনালী।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়েও দম্পতীহালৰ সন্ধান চলাই আছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ লাভ কৰিব পৰা নাই।

ইফালে দম্পতীহাল কি কাৰণে নিৰুদ্দেশ পৰিছে, তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গোলাঘাটত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

যদি কোনো লোকে মানস আৰু জোনালীৰ সন্ধান লাভ কৰে, তেন্তে ৭৮৯৬৫-৭০০৮০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে।