ভুক্তভােগীৰ পৰা ঘােচ লৈ পলায়ন কৰা ৰেঞ্জাৰক খেদি খেদি ধৰিলে ভিজিলেঞ্চৰ দলে…

নিউজ ডেস্ক। চৰকাৰী কাৰ্যায়লসমূহত চলি থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযান।

বুধবাৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে হাতে-লােটে ধৰে এগৰাকী বন বিষয়াক।

image 19
ভুক্তভােগীৰ পৰা ঘােচ লৈ পলায়ন কৰা ৰেঞ্জাৰক খেদি খেদি ধৰিলে ভিজিলেঞ্চৰ দলে... 4

ভিজিলেঞ্চৰ দলে গ্ৰেপ্তাৰ কৰা বন বিভাগজনৰ নাম দেৱব্ৰত গগৈ।

তেওঁ বিষয়া কাছাৰ জিলাৰ লক্ষীপুৰত ৰেঞ্জাৰ হিচাপে কৰ্মৰত।

image 20
ভুক্তভােগীৰ পৰা ঘােচ লৈ পলায়ন কৰা ৰেঞ্জাৰক খেদি খেদি ধৰিলে ভিজিলেঞ্চৰ দলে... 5

এজন লােকৰ পৰা ২੦ হাজাৰ টকাৰ ঘােচ লােৱাৰ পিছতে ভিজিলেঞ্চৰ দলটােক প্ৰত্যক্ষ কৰি ৰেঞ্জাৰজনে উৎকোচৰ ধনৰ সৈতে তেওঁৰ চেম্বাৰৰ পৰা পলায়ন কৰে।

ইয়াৰ পিছতে ভিজিলেঞ্চৰ দলে খেদি খেদি প্ৰায় ১ কিলোমিটাৰ দূৰত বিষয়াজনক ধৰিবলৈ সক্ষম হয়।

লগতে চাওকঃ

এইবাৰ ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল লাট মণ্ডল মদন নাথ…

G03
ভুক্তভােগীৰ পৰা ঘােচ লৈ পলায়ন কৰা ৰেঞ্জাৰক খেদি খেদি ধৰিলে ভিজিলেঞ্চৰ দলে... 6