নিউজ ডেস্কঃ অসমীয়া মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক ৰাজ্যজুৰি অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।
সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, বড়ো সাহিত্য সভাকে ধৰি বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে ইতিমধ্যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। অসম কেবিনেটৰ সিদ্ধান্তই অসমীয়া তথা অসমত প্ৰচলিত আন আন জনগোষ্ঠীয় ভাষালৈ বিপদ মাতি আনিব বুলি সজোৰে মন্তব্য কৰিছে বিভিন্নজনে।
কিন্তু তাৰ পিছতো নিজৰ সিদ্ধান্তত অটল অসম চৰকাৰ। সংবাদ মাধ্যমৰ সন্মুখত সেয়াই স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে সংবাদ মাধ্যমৰে সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্টভাৱে কয় যে অসম কেবিনেটৰ সিদ্ধান্ত ৰূপায়ণ কৰা হ’বই।

মুখ্যমন্ত্ৰীয়ে কয় যে আছু আৰু সাহিত্য সভাৰ বিৰোধিতাক চৰকাৰে সন্মান জনায়। কিন্তু সেই বুলি চৰকাৰৰ সিদ্ধান্ত সলনি নহয়। চৰকাৰ আৰু দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত বিৰোধিতা থাকিবই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ মতে, কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নাগৰিকত্ব সংশোধনী আইনৰো আছু আৰু সাহিত্য সভাই বিৰোধিতা কৰিছিল। তেওঁ কয়, ‘আমি তেওঁলোকৰ বিৰোধিতাক সন্মান জনাইছো। কিন্তু চৰকাৰৰ সিদ্ধান্ত ৰূপায়ণ হ’বই।’
আছু যুৱ মৰ্চা নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে তেওঁলোকৰ বিৰোধিতাই এয়াই প্ৰমাণ কৰে যে আছুৱে চৰকাৰৰ বাহিৰত গৈ নিৰপেক্ষভাৱে কাম কৰে। চৰকাৰেও আছুৰ পৰা বাহিৰলৈ গৈ কাম কৰে।
প্ৰণিধানযোগ্য যে, অসম চৰকাৰে অসমীয়া মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম ব্যৱহাৰৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ’ব বুলি চৰাকৰে দাবী কৰিছে।
কিন্তু অসমীয়া মাধ্যমৰ দুটা বিষয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰৰ এই সিদ্ধান্তই অসমীয়া ভাষালৈ বিপদ কঢ়িয়াই আনিব বুলি দাবী কৰিছে অনেকে।
কিন্তু নাগৰিকৰ প্ৰতিবাদৰ পিছতো যিদৰে চৰকাৰে ‘কা’ জাপি দিছিল, কৃষকে নিবিচৰা স্বত্বেও যিদৰে কৃষি আইন জাপি দিছিল, সেইদৰে সৰহসংখ্যক অসমীয়াই নিবিচৰা স্বত্বেও ‘অসমীয়াৰ ভালৰ বাবেহে’ বুলি দঢ়াই কৈ এইবাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত বলপূৰ্বক ইংৰাজী মাধ্যমত জাপি দিব বিচাৰিছে চৰকাৰে।









