নিউজ ডেস্কঃ বহু গৃহ কন্দ্বলৰ মূলতে হৈছে শাহু-বোৱাৰীৰ সংঘাত।
বহুতেই অভিযোগ কৰে- শাহুৱেকে নিজৰ কন্যাৰ দৰে নাভাৱে বোৱাৰীয়েক, বোৱাৰীয়েকে নিজৰ মাকৰ দৰে নাভাৱে শাহুৱেকক। আৰু ইয়াতেই আৰম্ভ হয় কাজিয়াখনৰ।
কিন্তু শাহু-বোৱাৰীৰ এই কাজিয়াৰ মাজতে এনে বহু শাহু আৰু বোৱাৰীও আছে, যিয়ে কেতিয়াবা মানুহৰ সহজাত ধাৰণাক ভুল প্ৰমাণ কৰে।
তেনে এগৰাকী শাহুৱেকেই হৈছে মঙলদৈৰ জুলা চলিহা। বোৱাৰীয়েকক নিজৰ কন্যাৰ দৰেই স্বীকাৰ কৰা এইগৰাকী সৰবৰহী মহিলাই গ্ৰহণ কৰা এক সিদ্ধান্তই এতিয়া প্ৰশংসা লাভ কৰিছে সচেতন মহলৰ পৰা।

দৰাচলতে মঙলদৈৰ পৰাগনগৰৰ বংশীধৰ চলিহা আৰু জুলা চলিহাৰ বৰপুত্ৰৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে চলিত বৰ্ষৰ জানুৱাৰী মাহত। যাৰ ফলত কম বয়সতে বিধৱাৰ বগা সাজ পৰিধান কৰিবলগীয়া হয় বোৱাৰী বন্দনাই।
কিন্তু স্বামীহাৰা বন্দনাৰ উকা কপালখন পুনৰ এবাৰ সেন্দুৰীয়া কৰাৰ সিদ্ধান্ত লয় শহুৰ আৰু শাহুৱেকে। সেই অনুসৰি তেওঁলোকৰ কনিষ্ঠ পুত্ৰ জ্যোতি চলিহা আৰু বন্দনাৰ পৰা সন্মতি গ্ৰহণ কৰি দুয়োৰে বিবাহখন সম্পন্ন কৰা হয়।
সোমবাৰে সম্পন্ন হৈ যায় এই বিশেষ বিবাহখন। সমাজৰ বিভিন্ন জনৰ সমালোচনাক নেওচি এক সাহসী সিদ্ধান্ত লৈ এতিয়া এগৰাকী আদৰ্শ শাহুৱেক হৈ পৰিছে জুলা চলিহা।
নিজৰ মৰমৰ বোৱাৰীয়েকৰ গাৰ বগা সাজযোৰ ৰঙীন কৰি নথৈ সুখী হৈ পৰে শহুৰ আৰু শাহুৱেক। ইফালে এই বিবাহখনক লৈ সুখী জ্যোতি আৰু বন্দনাও।
লগতে চাওকঃ
জীৱনসংগিনী বিচাৰি ল’লে শুকুৰ আলীয়ে, ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন হ’ল শুকুৰৰ বিবাহ…










