শোকাবহ! হ্ৰদত নামি গা ধোৱাৰ সময়তে ডুব গ’ল বন্ধু, বচাবলৈ চেষ্টা কৰি সলিল সমাধি ৭ যুৱকৰ…

নিউজ ডেস্কঃ বাইক ৰাইডিং কৰি হিমাচল ফুৰিবলৈ গৈ হ্ৰদত নামি গা ধোৱাৰ সময়তে সলিল সমাধি ঘটিল ৭ জনকৈ যুৱকৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশৰ উনাৰ গোবিন্দ সাগৰ হ্ৰদত।

ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। যানিব পৰা মতে, সলিল সমাধি ঘটা আটাইকেইজন যুৱকৰে ঘৰ পঞ্জাৱৰ মোহালীত। সোমবাৰে বিয়লি সংঘটিত হয় এই শোকাবহ ঘটনা।

image 12
শোকাবহ! হ্ৰদত নামি গা ধোৱাৰ সময়তে ডুব গ’ল বন্ধু, বচাবলৈ চেষ্টা কৰি সলিল সমাধি ৭ যুৱকৰ… 3

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মোহালীৰ ১১ জন যুৱকে বাইকেৰে হিমাচল প্ৰদেশলৈ ফুৰিবলৈ আহিছিল। তেওঁলোকে সোমবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত উনাৰ গৰীৱনাথ মন্দিৰত উপস্থিত হয়। ইয়াৰ পিছতে এজন যুৱকে মন্দিৰৰ সমীপৰ গোবিন্দ সাগৰ হ্ৰদত নামি গা ধোৱাৰ ইচ্ছা ব্যক্ত কৰে।

যুৱকজনে হ্ৰদৰ পানীৰ গভীৰতাৰ উমান নোলোৱাকৈয়ে পানীত নামি গা ধুবলৈ লওতেই হঠাৎ ডুবিবলৈ আৰম্ভ কৰে। সেয়া প্ৰত্যক্ষ কৰি পাৰত ৰৈ থকা আন ৬ জন যুৱকেও বন্ধুক বচাবলৈ হ্ৰদৰ বুকুত জঁপিয়াই পৰে যদিও তেওঁলোকৰো সলিল সমাধি ঘটে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ৭ জন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে মৃতদেহৰ মৰোণত্তৰ পৰীক্ষাৰ পিছত পৰিয়ালক চমজাই দিয়া হব।

image 13
শোকাবহ! হ্ৰদত নামি গা ধোৱাৰ সময়তে ডুব গ’ল বন্ধু, বচাবলৈ চেষ্টা কৰি সলিল সমাধি ৭ যুৱকৰ… 4

জানিব পৰা মতে, হ্ৰদৰ পানীত ডুবি মৃত্যু ঘটা যুৱক কেইজনৰ ৬ জনৰে বয়স ১৬ৰ পৰা ১৯ বছৰৰ ভিতৰত হোৱাৰ বিপৰীতে এজনৰ বয়স ৩২ বছৰ।

নিহত সকলক পঞ্জাৱৰ মোহালীৰ বানদুৰ এলেকাৰ নিৱাসী পৱন (৩২), ৰমন কুমাৰ (১৯), লাভ সিং (১৭), লখবীৰ সিং (১৬), অৰুণ কুমাৰ (১৪), বিশাল কুমাৰ (১৮) আৰু শিৱ (১৬) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, দুমাহ পূৰ্বেও গোবিন্দ সাগৰ হ্ৰদত গা ধুবলৈ নমাৰ পিছতে সলিল সমাধি ঘটিছিল পঞ্জাৱৰ দুজনকৈ যুৱকৰ।