নিউজ ডেস্কঃ ইউটিউবৰ ভিডিঅ’ চাই সহপাঠীয়ে ঘৰতে আঙুৰেৰে প্ৰস্তুত কৰা সুৰা পান কৰি চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’ল এজন ছাত্ৰ।
এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কেৰালাৰ চিৰায়িনকিজুত। জানিব পৰা মতে, এজন ১২ বছৰীয়া কিশোৰে ইউটিউবৰ ভিডিঅ’ চাই ঘৰতে আঙুৰৰ ৰসৰে সুৰা প্ৰস্তত কৰিছিল। চিৰায়িনকিজুৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰজনে সেই সুৰা সহপাঠী এজনক খাবলৈ দিয়াৰ পিছতে বমি আৰু পেটৰ বিষত আক্ৰান্ত হয় ছাত্ৰজন। লগে লগে অসুস্থ ছাত্ৰজনক এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ১২ বছৰীয়া কিশোৰজনে ঘৰত আনি থোৱা আঙুৰৰ ৰস বাহিৰ কৰি ইউটিউবৰ ভিডিঅ’ত কোৱাৰ দৰে মাটিত পুতি থৈছিল।
শুকুৰবাৰে ছাত্ৰজনে বিদ্যালয়লৈ গৈ এজন সহপাঠীক সেই ৰস খাবলৈ দিয়াৰ পিছতে সহপাঠী ছাত্ৰজন অসুস্থ হৈ পৰে। যাৰ বাবে কিশোৰজনক হাস্পতালত ভৰ্তি কৰিবলগীয়া হয়।
ছাত্ৰজনে আৰক্ষীৰ আগত স্বীকাৰ কৰা মতে, পিতৃ-মাতৃয়ে আনি থোৱা আঙুৰেৰে তেওঁ ভিডিঅ’ চাই সুৰা প্ৰস্তুত কৰাৰ চেষ্টা কৰিছিল। অৱশ্যে ঘৰতে সুৰা প্ৰস্তুত কৰাৰ চেষ্টা চলোৱা কিশোৰজনে আঙুৰৰ ৰসৰ লগত কোনো ধৰণৰ স্পিৰিট বা এলকহল উপাদান ব্যৱহাৰ কৰা নাছিল মন্তব্য কৰে ছাত্ৰজনে।
তেওঁ বিদ্যালয়খনলৈ অনা বটলটোৰ পৰা আৰক্ষীয়ে ৱাইনৰ নমুনা সংগ্ৰহ কৰি ইয়াৰ স্থানীয় আদালতৰ অনুমতি সাপেক্ষে ৰাসায়নিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলিও এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, ৱাইনৰ নমুনাৰ পৰীক্ষাত যদি স্পিৰিট বা এলকহল উপাদান ধৰা পৰে, তেন্তে কিশোৰ আইনৰ অধীনত ছাত্ৰজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হব।
ছাত্ৰজনৰ এনে কাণ্ডই স্বাভাৱিকতে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।









