গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰ! কি ক’লে হায়াৰ চেকণ্ডাৰীত শীৰ্ষস্থানপ্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতাই…

নিউজ ডেস্কঃ তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰক লৈ অসম কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত শীৰ্ষস্থান লাভ কৰা ধৃতিৰাজ বাস্তৱ কলিতাই।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কালত মেধাৱী ছাত্ৰগৰাকীয়ে কয় যে তৃতীয় শ্ৰেণীৰ পৰাই যদি ছাত্ৰ-ছাত্ৰীয়ে গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িবলৈ পাই তেন্তে আগলৈ ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হ’বলগীয়া যথেষ্টখিনি সমস্যা লাঘৱ হ’ব।

ধৃতিৰাজে কয় যে দশম শ্ৰেণীলৈকে অসমীয়া মাধ্যমত পঢ়ি হঠাৎ একাদশ শ্ৰেণীত ইংৰাজী মাধ্যম পঢ়িবলৈ ল’লে ছাত্ৰ-ছাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়েহে আৰম্ভণিৰ পৰাই যদি গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িবলৈ পায়, তেন্তে বিশেষ সুবিধা হব বুলি মন্তব্য কৰে মেধাৱী ছাত্ৰগৰাকীয়ে।

অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই উঠি অহা প্ৰজন্মক যথেষ্টখিনি অনুপ্ৰানিত কৰাৰ লগতে বিদ্যায়তনিক ক্ষেত্ৰত আগবঢ়াত সহায় কৰিব বুলি মন্তব্য কৰে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই।