বৃটিছৰ দৰে অসমীয়া ভাষা ধ্বংসৰ ষড়যন্ত্ৰণত চামিল হৈছে বিজেপি চৰকাৰঃ লুৰীণজ্যোতি গগৈ…

তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী ভাষাত বিজ্ঞান আৰু গনিতৰ বিষয়ৰ পাঠদান সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

অসম সাহিত্য সভা, অসম জাতীয় পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে এই সিদ্ধান্তৰ বিৰোধীতা কৰিছে।

গুৱাহাটীত শণিবাৰে অনুষ্ঠিত এখন সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

লুৰীণজ্যোতি গগৈয়ে কয়- এয়া চৰম অবৈজ্ঞানিক আৰু অদূৰদৰ্শী সিদ্ধান্ত। ইয়াৰ মাজেৰে কোনো গুণগত পৰিৱৰ্তন নহয়; বৰং ছাত্ৰ-ছাত্ৰী সকলে মাতৃভাষাত শিক্ষা গ্ৰহণৰ অধিকাৰ হেৰুৱাব। বৃটিছৰ দৰে অসমীয়া ভাষা ধ্বংসৰ ষড়যন্ত্ৰণত চামিল হৈছে বিজেপি চৰকাৰ।

তেওঁ কয়- বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন ক্ষমতালৈ অহাৰ পাছত এটাৰ পাছত এটাকৈ নতুন নতুন সিদ্ধান্ত ঘোষণা কৰাটো নিয়মত পৰিণত হৈছে। এই ঘোষণা বোৰৰ মাজেৰে শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ সলনি জটিলতাৰহে সৃষ্টি কৰাৰ লগতে অসমীয়াকে ধৰি স্থানীয় ভাষাসমূহ নিঃশেষ কৰিব বিচাৰিছে। ইঞ্জিনিয়াৰিং, মেডিকেলৰ শিক্ষাও মাতৃভাষাত দিয়াৰ ব্যৱস্থা কৰিম বুলি ফিতাহি মৰা এইখন চৰকাৰেই স্থানীয় পৰ্যায়তেই মাতৃভাষা উঠাই দিব বিচাৰিছে ।

শিক্ষাৰ গুণগত উন্নয়নৰ বাবে একো নকৰি কেৱল ৰাজ্যৰ স্বাৰ্থ বিৰোধী সিদ্ধান্ত লোৱাতহে আগ্ৰহী দেখা গৈছে বুলিও মন্তব্য কৰে গগৈয়ে।

লগতে তেওঁ কয়- ৰাষ্ট্ৰসংঘই প্ৰাথমিক বিদ্যালয়ত মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। বিশ্ববিদ্যালয় অনুদান আয়োগেও মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। আনকি নতুন শিক্ষা নীতিয়েও মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত নিম্ন স্থানত থকা ৰাজ্যখনৰ শৈক্ষিক অনুন্নয়নৰ কাৰণসমূহ বিচাৰি উলিয়াই সমাধান কৰাৰ পৰিৱৰ্তে চৰকাৰে কিছুমান হঠকাৰী সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে।

এই সিদ্ধান্তই অসমৰ স্থানীয় ভাষাসমূহক ক্ষতি কৰিব অৰ্থাৎ এয়া অসম বিৰোধী, এয়া জনগণ বিৰোধী সিদ্ধান্ত।- লুৰীণজ্যোতি গগৈ।