নিউজ ডেস্কঃ যদি আপোনাৰ কোনো কাম কৰি দিয়াৰ নামত কোনো চৰকাৰী বিষয়া অথবা কৰ্মচাৰীয়ে ধন দাবী কৰিছে, তেন্তে তেনে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক হাতে-লোটে ধৰা পেলাবলৈ তথ্যসহ যোগাযোগ কৰক দুৰ্নীতি নিবাৰক শাখাৰ সৈতে।
ইয়াৰ বাবে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে দুৰ্নীতি নিবাৰক শাখাই। শুকুৰবাৰে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে টুইটাৰত এই হেল্পলাইন নম্বৰ দুটা মুকলি কৰে।
বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়া মতে, এই দুটা হেল্পলাইন নম্বৰ যোগে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী সন্দৰ্ভত তথ্যসহ ফোন বা মেছেজযোগে যোগাযোগ কৰিব পাৰিব সাধাৰণ নাগৰিকে। যাৰ জৰিয়তে দুৰ্নীতি নিবাৰক শাখাই তেনে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক হাতে-লোটে কৰায়ত্ত কৰিব পাৰিব।
Please give specific information of demand made by a government employee before giving money. This would allow us to lay trap and catch them red-handed. টকা দিয়াৰ আগতে চৰকাৰী কৰ্মচাৰীয়ে কৰা দাবীৰ নিৰ্দিষ্ট তথ্য দিয়ক। ইয়াৰ ফলত আমি তেওঁলোকক ৰঙা হাতেৰে ধৰিব পাৰিম। pic.twitter.com/HOOxvfHlbw
— GP Singh (@gpsinghips) July 29, 2022
নাগৰিকক উৎকোচৰ গোচৰৰ বিষয়ে হেল্পলাইন নম্বৰ- ০৩৬১-২৪৬২২৯৫ আৰু ১৮০০-৩৪৫৩৭৬৭ত খবৰ দিবলৈ আহ্বান জনায় জিপি সিঙে।
টুইটাৰত সিঙে লিখিছে, “অনুগ্ৰহ কৰি টকা দিয়াৰ আগতে এজন চৰকাৰী কৰ্মচাৰীয়ে কৰা দাবীৰ নিৰ্দিষ্ট তথ্য দিয়ক। ইয়াৰ ফলত আমি ফান্দ পাতি হাতে-লোটে ধৰা পেলাব পাৰিম।’’
উল্লেখ্য যে, শুকুৰবাৰে মৰিগাঁও আৰু ডিব্ৰুগড় জিলাত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ সময়তে দুগৰাকীকৈ চৰকাৰী বিষয়াক হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল।









