গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰক লৈ কেবিনেটৰ সিদ্ধান্তই অসমীয়া ভাষালৈ বিপদ মাতিবঃ কুলধৰ শইকীয়া

নিউজ ডেস্কঃ অসমীয়া মাধ্যমৰ তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু সাধাৰণ বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰক লৈ অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে অসম সাহিত্য সভাই।

অসম সাহিত্য সভাৰ সভাপতি তথা প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তই অসমীয়া ভাষাৰ প্ৰতি বিপদ মাতি আনিব।

যদি অংক আৰু বিজ্ঞান বিষয় ইংৰাজীতে পঢ়ুৱাব লাগে বুলি চৰকাৰৰ ওচৰত কোনো বৈজ্ঞানিক যুক্তি আছে, তেন্তে সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনাই কুলধৰ শইকীয়াই কয় যে কেবিনেটে লোৱা সিদ্ধান্ত অসমীয়া ভাষাৰ পৰিপন্থী।

গণিত আৰু বিজ্ঞানৰ ধাৰণা সমূহ হৃদয়ংগম কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীক মাতৃভাষাত তাৰ শিক্ষা প্ৰদান কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। তেওঁ লগতে কয় যে চৰকাৰে শিক্ষা ক্ষেত্ৰৰ সৈতে জড়িত অভিজ্ঞ সকলৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা উচিত।

চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিপন্থী বুলিও অভিহিত কৰি শইকীয়াই লগতে কয় যে অসম চৰকাৰে ইংৰাজী মাধ্যমত শিক্ষাদান কৰাতকৈ অসমত চলি থকা ভাষাৰ মাধ্যমৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰা উচিত।

উল্লেখ্য যে, অসমীয়া মাধ্যমৰ তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম ব্যৱহাৰৰ বিৰোধিতা কৰিছে বড়ো সাহিত্য সভাইও।