নিউজ ডেস্কঃ দলঙৰ ওপৰত আন এখন বাহনক অভাৰটেক কৰিবলৈ গৈ ৰেলিং ভাঙি নৈত বাগৰি পৰে এখন বিলাসী এছইউভি বাহন। এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনি সদস্যসহ ৪ জন লোকে প্ৰাণ হেৰুৱায়।
এই শোকাবহ দুৰ্ঘটনাটো বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় দক্ষিণ গোৱাত।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যখনৰ ৰাজধানী পানাজীৰ পৰা গৈ থকা এখন এছইউভি বাহন নিশা প্ৰায় ১.১০ বজাত কাৰ্টালিম গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত জুয়াৰী নদীৰ দলঙৰ ৰেলিং ভাঙি নৈত বাগৰি পৰে।

আন এখন বাহন অভাৰটেক কৰিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰা এছইউভি খনৰ পৰা পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী দলে চাৰিটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নিহত সকলৰ মাজত দক্ষিণ গোৱাৰ লৌটালিম অঞ্চলৰ এজন ব্যৱসায়ী, তেওঁৰ পত্নী, ভাতৃ আৰু এজন বন্ধু আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।









