জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ ঘৰুৱা শিক্ষকক

নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত অসমত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে আন এজনক। মৰিগাঁও জিলাৰ মিলনপুৰ নিৱাসী আফছাৰুদ্দিন ভূঞা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, আফছাৰুদ্দিন ভূঞা পেছাত এজন ঘৰুৱা শিক্ষক। কুখ্যাত জেহাদী সংগঠন আনচাৰুল বাংলা টীম (এবিটি)ৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰিছিল আফছাৰুদ্দিনক।

bom jehadi
জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ ঘৰুৱা শিক্ষকক 2

ধৃত ঘৰুৱা শিক্ষকজনক আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি সোধাপোছা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে। প্ৰণিধানযোগ্য যে, বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জেহাদী কাৰ্যকালাপেৰে জড়িতৰ সন্দেহত ৭ জনক আটক কৰিছিল অসম আৰক্ষীয়ে।