মৰ্মান্তিক! জলসিঞ্চন প্ৰকল্পৰ সুৰংগৰ কাম চলি থকা সময়তে ক্ৰেন কেবল ছিঙি মৃত্যু ৫ শ্ৰমিকৰ

নিউজ ডেস্কঃ তেলেংগানাৰ নগৰকুৰ্নুল জিলাৰ লিফ্ট জলসিঞ্চন প্ৰকল্পত ১০০ ফুট দ’ সুৰংগত কাম কৰি থকা শ্ৰমিকক উলিয়াই অনা কেবল ছিঙি যোৱাৰ ফলত ৫ জন শ্ৰমিকৰ মৃত্যু ঘটাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মকে, বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত কোল্লাপুৰ ব্লকৰ য়েল্লুৰু গাঁৱত পালামুৰু ৰঙ্গা ৰেড্ডী লিফ্ট জলসিঞ্চন আঁচনিৰ ১নং পেকেজত শ্ৰমিক কেইজনে কাম কৰি থকাৰ সময়তে সংঘটিত হয় এই শোকাবহ ঘটনা।

কোল্লাপুৰ আৰক্ষী পৰিদৰ্শক য়ালাদ্ৰীয়ে জনোৱা মতে, দুৰ্ঘটনাত নিহত ৫জন শ্ৰমিকক পূব গোদাবৰী জিলাৰ চিনু (৩৫), ঝাৰখণ্ডৰ ভোলানাথ (৪০) আৰু বিহাৰৰ প্ৰবীণ, কমলেশ আৰু সোণু কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

telengana
মৰ্মান্তিক! জলসিঞ্চন প্ৰকল্পৰ সুৰংগৰ কাম চলি থকা সময়তে ক্ৰেন কেবল ছিঙি মৃত্যু ৫ শ্ৰমিকৰ 2

আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, ১০০ ফুট দ সুৰংগত কিছু কংক্ৰিটৰ কাম কৰি থকা ৭ জন শ্ৰমিকে কাম শেষ কৰি ওলাই অহাৰ সময়ত তেওঁলোকক বাহৰিলৈ উলিয়াই অনা ক্ৰেনৰ কেবল ছিঙি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। যাৰ ফলত শ্ৰমিক কেইজন গুৰুতৰভাৱে আহত হয়।

কৰ্তৃপক্ষই তৎক্ষণাত আন এখন ক্ৰেনৰ সহায়ত তেওঁলোকক উলিয়াই আনি হায়দৰাবাদৰ ওছমানিয়া সাধাৰণ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে ৫ জন শ্ৰমিকক মৃত ঘোষণা কৰে। বাকী দুজনৰ চিকিৎসা চলি আছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।