অতি মৰ্মান্তিক! অৰুণাচলৰ দুৰ্গম এলেকাত একেলগে উদ্ধাৰ বেদান্ত, নয়ন, সঞ্জীৱ আৰু হীৰকৰ মৃতদেহ

এক অতি হৃদয়বিদাৰক ঘটনা।

অৰুণাচলত সন্ধানহীন হোৱা অসমৰ ৪ যুৱকৰ মৃতদেহ উদ্ধাৰ।

অৰুণাচল ভ্ৰমণলৈ বুলি যোৱা যুৱক কেইজনৰ মৃতদেহ কেইটা পাহাৰৰ পৰা পৰি যোৱা অৱস্থাত সিচঁৰিত হৈ থকা প্ৰত্যক্ষ হয়।

image 227
অতি মৰ্মান্তিক! অৰুণাচলৰ দুৰ্গম এলেকাত একেলগে উদ্ধাৰ বেদান্ত, নয়ন, সঞ্জীৱ আৰু হীৰকৰ মৃতদেহ 6

অৰুণাচলৰ দুৰ্গম এলেকাত একেলগে উদ্ধাৰ হৈছে বেদান্ত, নয়ন, সঞ্জীৱ আৰু হীৰকৰ মৃতদেহ।

বন্ধুৰ সৈতে অৰুণাচল প্ৰদেশ ফুৰিবলৈ বুলি গৈছিল অসমৰ চাৰিও যুৱক।

কিন্তু অৰুণাচলৰ চেঁচা-ডিৰাং পথত সন্ধানহীন হৈ পৰিছিল যুৱক কেইগৰাকী।

image 229
অতি মৰ্মান্তিক! অৰুণাচলৰ দুৰ্গম এলেকাত একেলগে উদ্ধাৰ বেদান্ত, নয়ন, সঞ্জীৱ আৰু হীৰকৰ মৃতদেহ 7

১৯ জুলাইৰ সন্ধিয়াৰে পৰা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ ব্যাহত হৈ পৰিছিল যুৱক কেইজনৰ।

অৱশেষত নগাঁও চহৰৰ লাওখোৱা ৰোডৰ বেদান্ত বৰমহেলা (৩০), কন্দলিৰ নয়ন বসুমতাৰী (৩০), তেজপুৰৰ সঞ্জীৱ দাস (৩৪) আৰু সোণাপুৰৰ হীৰক বড়ো (৩২)ৰ মৃতদেহ আজি উদ্ধাৰ হয়।

image 228
অতি মৰ্মান্তিক! অৰুণাচলৰ দুৰ্গম এলেকাত একেলগে উদ্ধাৰ বেদান্ত, নয়ন, সঞ্জীৱ আৰু হীৰকৰ মৃতদেহ 8

জানিব পৰা মতে বাইক ৰাইডাৰ চাৰি বন্ধু যোৱা ১৮ জুলাইত এ এছ ০১ বি. পি-০৬৫০ নম্বৰৰ এখন ভক্সৱাগন গাড়ীৰে অৰুণাচল প্ৰদেশলৈ গৈছিল।

আজি মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত।

image 230
অতি মৰ্মান্তিক! অৰুণাচলৰ দুৰ্গম এলেকাত একেলগে উদ্ধাৰ বেদান্ত, নয়ন, সঞ্জীৱ আৰু হীৰকৰ মৃতদেহ 9

আৰক্ষীয়ে সদৰি কৰা অনুসৰি ঘন কুঁৱলিৰ বাবেই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লয় চাৰিওগৰাকী যুৱকে।

লগতে চাওকঃ

ই-ৰিক্সা চলাই স্বাৱলম্বী হৈছে এগৰাকী কৰ্মোদ্যমী মহিলা, আনৰ বাবেও স্থাপন কৰিছে নিদৰ্শন

photo1658405524
অতি মৰ্মান্তিক! অৰুণাচলৰ দুৰ্গম এলেকাত একেলগে উদ্ধাৰ বেদান্ত, নয়ন, সঞ্জীৱ আৰু হীৰকৰ মৃতদেহ 10