
ই-ৰিক্সা চলাই স্বাৱলম্বী হৈছে এগৰাকী কৰ্মোদ্যমী মহিলা, আনৰ বাবেও স্থাপন কৰিছে নিদৰ্শন
নিউজ ডেস্কঃ স্বামী পকা মিস্ত্ৰী। স্বামীৰ উপাৰ্জনৰ ধন কেইটা দুই সন্তানৰ পঢ়া শুনাৰ খৰছৰ পৰা পৰিয়াল পোহপাল দিয়ালৈকে যথেষ্ট নহয়। সেয়েহে নিজেও কিবা এটা কৰাৰ কথা ভাৱিছিল ভাৰতী বনিয়াই।
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পিছলাগুৰি অঞ্চলৰ কৈলাশ বনিয়াৰ পত্নী ভাৰতী বনীয়াই এতিয়া নিজৰ কৰ্মোদ্যমীতাৰ বাবে প্ৰশংসিত হৈছে আন দহ জনৰ পৰা। লগতে অঞ্চলটোৰ আন মহিলাসকলৰ বাবেও এক আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে ভাৰতী বনিয়াই।

এখন ই-ৰিক্সা চলাই স্বামীক সকাহ প্ৰদান কৰি অহা ভাৰতী বনিয়াই এতিয়া দিনটোত উপাৰ্জন কৰে ৭০০ৰ পৰা এহাজাৰ টকা পৰ্যন্ত। দুই সন্তানৰ মাতৃগৰাকীয়ে পুৱা ঘৰুৱা কাম সম্পন্ন কৰি ওলাই যায় ই-ৰিক্সাখন লৈ। দিনটো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধলপুৰ চেন্টাৰৰ পৰা নাৰায়ণপুৰত ভাড়া মাৰি সন্ধিয়াৰ পূৰ্বে পুনৰ আহি ঘৰ সোমায়।
অৱশ্যে ভাৰতী বনিয়াই জানিবলৈ দিয়া মতে, তেওঁ নিশাৰ ভাগত কোনো দিন ভাড়া লৈ ওলাই নাযায়। ই-ৰিক্সাখনৰ জৰিয়তে অঞ্চলটোত পৰিচিতও হৈ পৰিছে ভাৰতী বনিয়া। যাৰ বাবে মহিলাগৰাকী এতিয়া সমগ্ৰ অঞ্চলটোৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।





Pingback: মেট্ৰ’ ৰে’লত ৰীল ভিডিঅ’ বনাই বিপদত যুৱতী, ৰুজু হ’ল গােচৰ... - NEWS8 NE
Pingback: অতি মৰ্মান্তিক! অৰুণাচলৰ দুৰ্গম এলেকাত একেলগে উদ্ধাৰ বেদান্ত, নয়ন, সঞ্জীৱ আৰু হীৰকৰ মৃতদেহ - NEWS8 NorthE