সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শ্বহীদ দুই পাইলট…

নিউজ ডেস্ক। এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। পাহাৰৰ দুৰ্গম ঠাইত দুৰ্ঘটনাত পতিত হয় এখন সেনাৰ হেলিকপ্টাৰ। হেলিকপ্টাৰখনত আছিল দুজন পাইলট।

এই দুৰ্ঘটনাত দুয়োজন পাইলট শ্বহীদ হয়।

E-z-Ge-GXVUAAywo-C

এই ঘটনা মংগলবাৰে সংঘটিত হয় জম্মু-কাশ্মীৰৰ উধমপুৰ আৰু ৰামবান জিলাৰ মাজৰ শিৱগড় অঞ্চলত।

শ্বহীদ দুই পাইলট ক্ৰমে মেজৰ ৰোহিত কুমাৰ আৰু মেজৰ অনুজ ৰাজকুট বুলি জানিব পৰা যায়।

খবৰ অনুসৰি, সেনাৰ হেলিকপ্টাৰখন উধমপুৰৰ পৰা পত্নীটপ অঞ্চললৈ গৈ থকা অৱস্থাত এই ঘটনাটো সংঘটিত হয়।

হেলিকপ্টাৰখনত আছিল দুজন পাইলট। তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাত দুৰ্ঘটনাত পতিত হয়।

E-z-WH0-SUUAk-It7r

উল্লেখ্য যে ঘটনাৰ পিছতেই আৰক্ষীৰ দল উপস্থিত হয় ঘটনাস্থলীত।

স্থানীয় লোকে হেলিকপ্টাৰখনত দুজন লোকক প্ৰত্যক্ষ কৰে। দুয়োজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

E-z-WIHPVEBEl-Lfy

তেওঁলোকক উদ্ধাৰ কৰি এটা পথলৈ উলিয়াই অনা হয় আৰু এম্বুলেঞ্চ যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু পৰৱৰ্তী সময়ত দুই পাইলটে মৃত্যুবৰণ কৰে।

অৱশ্যে হেলিকপ্টাৰখনত আৰু কোনো লোক আছিল নেকি, সেই কথা বৰ্তমানেও জানিব পৰা হোৱা নাই।

সেনাৰ তথ্য অনুসৰি, দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ চেষ্টা কৰি থকা হৈছে। আৰু কোনো লোক হেলিকপ্টাৰখনত আছিল নেকি এই বিষয়ে বায়ুসেনাৰ সৈতে যোগাযোগ কৰা হৈছে।

Leave a Comment