নাৰীক অপমান! পংকজ পাঠকৰ বিৰুদ্ধে প্ৰতিখন জিলাতেই এজাহাৰ দাখিল কৰিব ৰাইজৰ দলে…

নিুজ ডেস্কঃ ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেঁকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিয়া তথাকথিত আচাৰ্য পংকজ পাঠকৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভত জ্বলি উঠিছে মহিলাসকল।

ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ মহিলা সমিতিয়ে কেইবাখনো জিলাত পংকজ পাঠকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

ৰাজ্যিক মহিলা আয়োগেও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে পংকজ পাঠকৰ বিৰুদ্ধে।

নিজৰ বাণিজ্যিক প্ৰচাৰ চলাবলৈ গৈ নিকৃষ্ট মন্তব্যৰ আশ্ৰয় লোৱা ভণ্ড আয়ুৰ্বেদিক চিকিৎসকজনৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে ৰাইজৰ দল।

photo1657880781 1
নাৰীক অপমান! পংকজ পাঠকৰ বিৰুদ্ধে প্ৰতিখন জিলাতেই এজাহাৰ দাখিল কৰিব ৰাইজৰ দলে… 4

অসমৰ প্ৰতিখন জিলাত পংকজ পাঠকৰ বিৰুদ্ধে ৰাইজৰ দলে এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে দলটোৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰুৱাই।

নাৰীক অপমান কৰা পংকজ পাঠকে শাসকীয় পক্ষৰ অভয়বাণী লাভ কৰিয়েই এনে ধৰণৰ মন্তব্য আগবঢ়োৱা বুলিও অভিযোগ কৰে ৰাইজৰ দলৰ নেত্ৰীগৰাকীয়ে।

image 193
নাৰীক অপমান! পংকজ পাঠকৰ বিৰুদ্ধে প্ৰতিখন জিলাতেই এজাহাৰ দাখিল কৰিব ৰাইজৰ দলে… 5

মহিলাই কি কৰে, কি পিন্ধে এই সন্দৰ্ভত মাত মতাৰ অধিকাৰ পংকজ পাঠকৰ নাই বুলি মন্তব্য কৰে জ্ঞানশ্ৰী বৰুৱাই। তেওঁ কয় যে অসমৰ প্ৰত্যেকজন সচেতন ব্যক্তিয়ে পংকজ পাঠকৰ মন্তব্যৰ বিৰোধীতা কৰা উচিত। তেওঁৰ অশালীন মন্তব্য কেতিয়াও মানি লোৱা নহ’ব।

পংকজ পাঠকৰ দৰে মানুহক শুদাই এৰাটো উচিত নহয় বুলি কৈ জ্ঞানশ্ৰী বৰুৱাই কয় যে এনে ধৰণৰ মানুহৰ বিৰুদ্ধে সকলোৱে সজোঁৰে মাত মাতিব লাগিব।

পংকজ পাঠকে কেৱল নাৰীকে নহয়, শেহতীয়াকৈ সাংবাদিককো অপমান কৰিছে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীয়ে।

নিজকে আচাৰ্য বুলি দাবী কৰা পংকজ পাঠকে শাসক তন্ত্ৰৰ আশীৰ্বাদ লাভ কৰিয়েই এনে ধৰণৰ মন্তব্য কৰা বুলিও তেওঁ অভিযোগ কৰে।

লগতে চাওকঃ

বিপদত পংকজ পাঠক! এইবাৰ পাঠকৰ বিৰুদ্ধে নিজাববীয়া গােচৰ ৰাজ্যিক মহিলা আয়ােগৰ

G5 1
নাৰীক অপমান! পংকজ পাঠকৰ বিৰুদ্ধে প্ৰতিখন জিলাতেই এজাহাৰ দাখিল কৰিব ৰাইজৰ দলে… 6