
বিপদত পংকজ পাঠক! এইবাৰ পাঠকৰ বিৰুদ্ধে নিজাববীয়া গােচৰ ৰাজ্যিক মহিলা আয়ােগৰ
নিউজ ডেস্ক। নিজৰ মন্তব্যৰে প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰা পংকজ পাঠক এইবাৰ বিপদত পৰিছে নাৰী জাতিক লৈ অপমানজনক মন্তব্য কৰি।
নিজৰ ব্যৱসায়ৰ প্ৰচাৰ চলাবলৈ গৈ চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিয়া পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন মহিলা সংগঠন।

ইতিমধ্যে স্বয়ম্ভূ আয়ুৰ্বেদ চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ মহিলা সমিতিয়ে।
দেওবাৰে বশিষ্ঠ থানাত টিএমচিৰ মহিলা সমিতিয়ে পংকজ পাঠকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।
কেৱল গুৱাহাটীতে নহয়, ৰাজ্যৰ একাধিক থানাত মহিলা সংগঠনে পংকজ পাঠকৰ বিৰুদ্ধে মহিলাক অপমান কৰাৰ অভিযােগ তুলি এজাহাৰ দাখিল কৰিছে।

ইপিনে, ৰাজ্যিক মহিলা আয়ােগেও পংকজ পাঠকৰ বিৰুদ্ধে নিজাববীয়া গােচৰ ৰুজু কৰিছে। পংকজ পাঠকক অতি নিকৃষ্ট মনৰ মানুহ আখ্যা ৰাজ্যিক মহিলা আয়োগৰ।
এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৰাজ্যিক মহিলা আয়ােগৰ অধ্যক্ষা হেমপ্ৰমা বৰঠাকুৰে।
তেওঁ কয় যে কােনাে মহিলাৰ স্বামীৰ যদি পত্নীৰ কাৰ্যত কােনাে আপত্তি নাই, তেন্তে এই সন্দৰ্ভত মন্তব্য কৰাৰ অধিকাৰ পংকজ পাঠকক কােনে দিলে?
উল্লেখ্য যে পংকজ পাঠকৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমতো।
আচাৰ্যগিৰি কৰি পৰৱৰ্তী সময়ত অসম গণ পৰিষদত যোগদান কৰা পংকজৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে নেট ব্যৱহাৰকাৰীয়ে।
লগতে চাওকঃ
দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে এগৰাকী মহিলাই…







Pingback: নাৰীক অপমান! পংকজ পাঠকৰ বিৰুদ্ধে প্ৰতিখন জিলাতেই এজাহাৰ দাখিল কৰিব ৰাইজৰ দলে… - NEWS8 NorthEast